• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন সৰবৰাহকাৰী আটক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 27, 2018 3:43 pm
ganja in majuli
201
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে ঐতিহ্যমণ্ডিত মাজুলী গাঞ্জা আৰু অবৈধ সুৰাৰ যেন ঘাটি হৈ পৰিছে। সমগ্ৰ বিশ্বতে শংকৰী সাহিত্য,কলা, সংস্কৃতিৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত মাজুলীত এতিয়া এচাম দুস্কৃতিকাৰীয়ে এখন ৰাগিয়াল দ্ৰব্যৰ বজাৰ গঢ়ি তুলিছে। নিত্য নৈমিত্যিকভাৱে  নাম-প্ৰসংগৰে মূখৰিত হৈ থকা মাজুলী এতিয়া ৰাগীয়াল বস্তুৰ নিচাত মাতালৰ অবাইচ মাত আৰু অসামাজিক কামৰ ঘাটী হিচাপে গঢ় লৈ উঠিছে।

মাজুলী জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সঘনাই অভিযান চলাই মাজুলীৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অবৈধ মদৰ ঘাটি সমুহ ধ্বংস কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত সকলক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে যদিও দুষ্ট চক্ৰৰ হাতোৰাৰ পৰা মুক্ত কৰিব পৰা নাই মাজুলীক।

শেহতীয়াভাৱে মাজুলীত অবৈধ সুৰাৰ লগতে  গাঞ্জাৰ এখন বৃহৎ বজাৰ গঢ় লৈ উঠাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে লখিমপুৰ নাৰায়ণপুৰৰ পৰা মাজুলীলৈ গোপনে সৰবৰাহ হৈ আহিছে গাঞ্জা ।

আজি মাজুলীৰ সদৰ গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত চলা এটা অভিযানত বৃহৎ পৰিমানৰ গাঞ্জাৰ জব্দ কৰাৰ লগতে এজন গাঞ্জা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

লক্ষীমপুৰৰ নাৰায়ণপুৰৰ পৰা মাজুলীলৈ গাঞ্জাখিনি আনি থকা অৱস্থাত মাজুলীৰ ম’হকিনা গাঁৱৰ সমীপত আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জেৰাত বলেন বসুমতাৰী নামৰ লোকজনে এনেদৰেই নাৰায়ণপুৰৰ পৰা মাজুলীলৈ সঘনাই গাঞ্জা সৰবৰাহ কৰি থকাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । শীঘ্ৰে এই ব্যৱসায়ৰ লগত জড়িত সকলক কৰায়ত্ব কৰিবলৈ ৰঞ্জন দলেৰ নেতৃত্বত মাজুলীৰ বিভিন্ন স্থানত অভিযান চলাই থকা হৈছে।

Recent News

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd