• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 9:08 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ পত্নীয়ে স্বামীক হত্যা কৰাৰ আন এক ৰোমহৰ্ষক ঘটনা পোহৰলৈ আহিছে। স্বামীক হত্যা কৰাৰ অভিযোগত পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, নিহত লোকজনৰ নাম ছাবিয়াল ৰহমান (৪০)। ছাবিয়ালক হত্যা কৰাৰ পিছত পত্নী ৰহিমা খাতুনে মৃতদেহটো মাটিত পুতি থয়। এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰহিমা থাতুনক।

Apply Now

গুৱাহাটী (পশ্চিম) উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই জানিবলৈ দিয়া মতে, মহানগৰীৰ পাণ্ডু অঞ্চলৰ জয়মতী নগৰত সংঘটিত হৈছে এই ঘটনা। ৰহিমাই পাৰিবাৰিক বিবাদৰ বাবেই স্বামীক হত্যা কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। পিছত ভয়ত মৃতদেহটো মাটিত পুতি পেলায়। আৰক্ষী বিষয়াগৰাকীয়ে জেৰাৰ সময়ত ৰহিমাই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলিও দাবী কৰে।

এই হত্যাকাণ্ড ২৬ জুনত সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া পদ্মনাভ বৰুৱাই। ৰহিমাই আৰক্ষীক জনোৱা মতে, তেওঁৰ স্বামীয়ে প্ৰতিদিনে মদ্যপান কৰি ঘৰলৈ আহি অশান্তিৰ সৃষ্টি কৰিছিল। সেইদিনা দুয়োৰে মাজত কাজিয়া হৈছিল। দুয়োৰে মাজত হতাহতিও হয়।

কাজিয়াৰ সময়তে ৰহিমাই মাতাল স্বামীক হত্যা কৰে। স্বামীৰ মৃত্যু ঘটাত তেওঁ ভয় খাইছিল। ইয়াৰ পিছত তেওঁ ঘৰৰ ভিতৰতে ৫ ফুটমান গাঁত খান্দি ছাবিয়ালৰ মৃতদেহটো পুতি থৈছিল।

জনা যায় যে ছাবিয়ালৰ স্ক্ৰেপ মেটেলৰ ব্যৱসায় আছিল। ১৫ বছৰ আগতে তেওঁলোকৰ বিয়া হৈছিল। দম্পতীহালৰ দুটা সন্তানো আছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, কিছুদিন ছাবিয়ালক দেখা নোপোৱাত চুবুৰীয়াৰ সন্দেহ হৈ পৰে। এই বিষয়ে তেওঁলোকে ৰহিমাক সোধে। ৰহিমাই তেওঁলোকক কয় যে তেওঁৰ স্বামী ব্যৱসায়ৰ বাবে কেৰালালৈ গৈছে। পিছত তেওঁ কয় যে ছাবিয়াল অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

ইপিনে যোৱা ১২ তাৰিখে ছাবিয়ালৰ এজন ভাতৃয়ে জালুকবাৰী থানাত এখন নিৰুদ্দেশ ডায়েৰী দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৰহিমাকো জেৰা কৰে। জেৰাৰ সময়ত ৰহিমাই স্বামীক হত্যা কৰি মৃতদেহ ঘৰৰ ভিতৰতে পুতি থোৱাৰ কথা স্বীকাৰ কৰে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, দণ্ডাধীশ আৰু অন্যান্য বিষয়াৰ উপস্থিতিত ছাবিয়ালৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

তদন্তকাৰীয়ে সন্দেহ কৰিছে যে ৰহিমাই এই কাৰ্য্য অকলে কৰা নাছিল। এজন বিষয়াই কয়, “এগৰাকী মহিলাই ইমান ডাঙৰ গাঁত খন্দাটো সম্ভৱ নহয়। আমি সন্দেহ কৰোঁ যে ইয়াৰ লগত আন কোনোবাও জড়িত। আমি সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd