NORTHEAST NOW (Assamese)

মাজুলীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন সৰবৰাহকাৰী আটক

June 27, 2018 3:43 pm · মিটু খাটনিয়াৰ

শেহতীয়াভাৱে ঐতিহ্যমণ্ডিত মাজুলী গাঞ্জা আৰু অবৈধ সুৰাৰ যেন ঘাটি হৈ পৰিছে। সমগ্ৰ বিশ্বতে শংকৰী সাহিত্য,কলা, সংস্কৃতিৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত মাজুলীত এতিয়া এচাম দুস্কৃতিকাৰীয়ে এখন ৰাগিয়াল দ্ৰব্যৰ বজাৰ গঢ়ি তুলিছে। নিত্য নৈমিত্যিকভাৱে  নাম-প্ৰসংগৰে মূখৰিত হৈ থকা মাজুলী এতিয়া ৰাগীয়াল বস্তুৰ নিচাত মাতালৰ অবাইচ মাত আৰু অসামাজিক কামৰ ঘাটী হিচাপে গঢ় লৈ উঠিছে।

মাজুলী জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সঘনাই অভিযান চলাই মাজুলীৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অবৈধ মদৰ ঘাটি সমুহ ধ্বংস কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত সকলক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে যদিও দুষ্ট চক্ৰৰ হাতোৰাৰ পৰা মুক্ত কৰিব পৰা নাই মাজুলীক।

শেহতীয়াভাৱে মাজুলীত অবৈধ সুৰাৰ লগতে  গাঞ্জাৰ এখন বৃহৎ বজাৰ গঢ় লৈ উঠাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে লখিমপুৰ নাৰায়ণপুৰৰ পৰা মাজুলীলৈ গোপনে সৰবৰাহ হৈ আহিছে গাঞ্জা ।

আজি মাজুলীৰ সদৰ গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত চলা এটা অভিযানত বৃহৎ পৰিমানৰ গাঞ্জাৰ জব্দ কৰাৰ লগতে এজন গাঞ্জা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

লক্ষীমপুৰৰ নাৰায়ণপুৰৰ পৰা মাজুলীলৈ গাঞ্জাখিনি আনি থকা অৱস্থাত মাজুলীৰ ম’হকিনা গাঁৱৰ সমীপত আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জেৰাত বলেন বসুমতাৰী নামৰ লোকজনে এনেদৰেই নাৰায়ণপুৰৰ পৰা মাজুলীলৈ সঘনাই গাঞ্জা সৰবৰাহ কৰি থকাৰ কথা স্বীকাৰ কৰে। আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । শীঘ্ৰে এই ব্যৱসায়ৰ লগত জড়িত সকলক কৰায়ত্ব কৰিবলৈ ৰঞ্জন দলেৰ নেতৃত্বত মাজুলীৰ বিভিন্ন স্থানত অভিযান চলাই থকা হৈছে।

Related News