NORTHEAST NOW (Assamese)

মাজুলীত মৌ মাখিৰ আক্ৰমণত অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আক্ৰান্ত

April 20, 2018 2:42 pm · মিটু খাটনিয়াৰ

মৌ মাখিয়ে আজি মাজুলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। মৌ মাখিৰ অতৰ্কিত আক্ৰমনত অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই মাজুলীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই মৌ মাখিৰ আক্ৰমণৰ ঘটনা মাজুলীৰ ফুলনিত সংঘটিত হয়। ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এজোপা আম গছত বাহ পাতি থকা এজাক বৃহৎ আকাৰৰ বনৰীয়া মৌ বাহৰ পৰা ওলাই অহা লক্ষ লক্ষ মৌয়ে সমগ্ৰ অঞ্চলটো বেঢ়ি ধৰে। অঞ্চলটোৰ লোকৰ লগতে বাটৰুৱাৰ ওপৰতো মৌ জাকে আক্ৰমণ চলায়।

ঘটনাক্ৰমে মৌপিয়া চৰাইয়ে বাহটো ভাঙি দিয়াৰ পিছতেই লক্ষ লক্ষ মৌয়ে অঞ্চলটো বেৰি ধৰে। মৌ জাকৰ আক্ৰমণত ঘণ শইকীয়া, চেনাই দেউৰী, ৰেখা তামুলী, দেবেন হাজৰিকা, বুবুল হাজৰিকা, অজয় চেত্ৰী, কমল শইকীয়া গুৰুতৰ ভাৱে আক্ৰান্ত হোৱাৰ উপৰি ২০ গৰাকীতকৈ অধিক মহিলা আক্ৰান্ত হৈছে ।

Related News