NORTHEAST NOW (Assamese)

মাজুলীত ৪৮ ঘণ্টাত সংঘটিত দুটাকৈ ধৰ্ষণ, এজনক আটক

April 21, 2018 11:20 pm · মিটু খাটনিয়াৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ পৰা বাদ নপৰিল সত্ৰ নগৰি মাজুলীও। যোৱা ৪৮ ঘণ্টাত জিলাখনত সংঘটিত হৈছে দুটাকৈ ধৰ্ষণ কাণ্ড।

উল্লেখযোগ্য যে উজনী মাজুলীৰ নতুন বজাৰত সংঘটিত প্ৰথমটো ধৰ্ষণৰ ঘটনাত এগৰাকী ১০ বছৰীয়া কিশোৰী ৰতনপুৰ মিৰি গাঁৱৰ জিতেন কুম্বাঙ নামৰ এজন লোকৰ বিকৃত কামনাৰ বলি হ’বলগীয়া হয়।

আনহাতে জেংৰাইমুখৰ নামনি চেৰেপাইত অাজি সংঘটিত আনটো ধৰ্ষণৰ ঘটনাত এগৰাকী ১৩ বছৰীয়া কিশোৰী ফিৰোজ পেগু নামৰ এজন লোকৰ কামনাৰ চিকাৰ হয়।

এই দুয়োটা ঘটনা জেংৰাইমুখ থানাত পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আমালৈ অহা শেহতীয়া খবৰ মতে, নতুন বজাৰত সংঘটিত ধৰ্ষণ কাণ্ডৰ মুল অভিযুক্ত জিতেন কুম্বাঙক জেংৰাইমুখ অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইফালে জেংৰাইমুখৰ ধৰ্ষণ কাণ্ডত অভিযুক্ত ফিৰোজক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই।

মাজুলীত সংঘটিত দুটাকৈ ধৰ্ষণৰ ঘটনাই নদী দ্বীপটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে।

Related News