মাতৃতান্ত্ৰিক ৰাজ্য মেঘালয়ত এইবাৰ নাই কোনো মহিলা মন্ত্ৰী

women-empowerment-570x320

প্ৰতিনিধিত্বমূলক ফটো

এখন মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ৰাজ্য মেঘালয়ত অন্তৰ্ভুক্ত নহ’ল এগৰাকী মহিলা মন্ত্ৰী। শুনিবলৈ আচৰিত যেন লাগিলেও এইটোৱে সত্য। এই কথাটোৱে বহুতকে হতচকিত কৰি তুলিছে।

৬ মাৰ্চত মেঘালয়ত ১২ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে। আটাইকেইগৰাকী হ’ল পুৰুষ। মেঘালয়ত শাসনৰ পৰিৱৰ্তনৰ এই সময়ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নহ’ল এগৰাকীও মহিলা।

মেঘালয়ৰ পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনত তিনিগৰাকী মহিলা মন্ত্ৰী আছিল। তেওঁলোক আছিল অমপৰীন লিংডো, দেব’ৰাহ মাৰাক আৰু ৰোছন ৱাৰজিৰি। এইবাৰ এনপিপিৰ পৰা নিৰ্বাচিত একমাত্ৰ আগাথা চাংমাই চৰ্চাৰ কেন্দ্ৰ আছিল কিয়নো বাকী বিধানসভালৈ নিৰ্বাচিত আন দুগৰাকী মহিলা সদস্য অমপৰীন লিংডো আৰু ডিকাঞ্চি সিৰা হৈছে কংগ্ৰেছৰ সদস্য।

পূৰ্বৰ ড০ মনমোহন সিঙৰ মন্ত্ৰীসভাত আগাথাৰ গ্ৰাম্য উন্নয়ন বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলোৱাৰ অভিজ্ঞতাও আছে। নিৰ্বাচনৰ আগেয়ে তেওঁ নৰ্থ ইষ্ট নাওক কৈছিল, ‘’ মই অতি কম বয়সতে লোকসভাৰ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছিলো। সাংসদ হিচাপে মই বিভিন্ন লোকক লগ পাইছিলো আৰু বহু ঠাই ভ্ৰমণ কৰিছিলো। মই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহু শিক্ষা লাভ কৰিছো। মই অনুভৱ কৰো যে মোৰ অভিজ্ঞতাই দক্ষিণ তুৰাৰ জনসাধাৰণৰ লগতে মেঘালয় ৰাজ্যখনৰ ভালৰ বাবে কাম কৰাত সহায়ক হ’ব।‘’

প্ৰকৃততে, নতুন মেঘালয় মন্ত্ৰীসভাত মহিলাৰ প্ৰতিনিধিত্ব নোহোৱা কথাটোৱে আলোচনাৰ বিশেষ বিষয় হৈ পৰিছে। ৰাজনীতিৰ শেহতীয়া খবৰ ৰখা সকলে নিৰ্বাচনৰ আগতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মহিলাৰ সবলীকৰণৰ সম্পৰ্কত কৰা মন্তৱ্যটোকে সতকাই আঙুলিয়াই দিব খোজে।

শ্বিলঙত তেওঁৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আৰএছএছক সমালেচনা কৰি কৈছিল যে তেওঁলোকৰ  লক্ষ্য মহিলাক সবলীকৰণত বাধা দিয়া। ‘’আৰএছএছত মহিলাৰ বাবে কিমান নেতৃত্বৰ পদ আছে কোনোবাই জানেনে? শূন্য,’’-তেওঁ কৈছিল।

কংগ্ৰেছ সভাপতিগৰাকীয়ে আনকি মেঘালয়ৰ মহিলাসকলক দলত যোগদান কৰিবলৈ আহ্বান জনাইছিল যাতে দলে অধিক মহিলাক নিৰ্বাচিত কৰিব পাৰে।

‘’আমি আগাথা মন্ত্ৰীসভাত থাকিব বুলি আশা কৰিছিলো কিয়নো শাসকীয় এনপিপিৰ তেওঁৱেই একমাত্ৰ মহিলা সদস্য, কিন্তু তেওঁক অন্তৰ্ভুক্ত নকৰাটোৱে আমাক আচৰিত কৰি তুলিছে,’’-প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ভোটদান কৰা এগৰাকী কলেজীয়া ছাত্ৰই নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।