মাতৃ প্ৰধান মেঘালয়ৰ নৱ গঠিত মন্ত্ৰী সভাত নাথাকে কোনো মহিলা প্ৰতিনিধি

hillong-swearing-ceremony

মাতৃ প্ৰধান ৰাজ্য হিচাপে জনাজাত মেঘালয়ত এইবাৰ পাঁচটা ৰাজনৈতিক দলৰ দ্বাৰা গঠিত ‘মেঘালয় ডেমক্ৰেটিক এলায়েন্স’ চৰকাৰৰ কেবিনেটত নাই কোনা মহিলা প্ৰতিনিধি।

উল্লেখযোগ্য যে, মঙলবাৰে কনৰাড চাংমাই মেঘালয়ৰ ১২ সংখ্যক মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত এতিয়া ৰাজ্যখনৰ নতুন কেবিনেট গঠনক লৈ যো-যা আৰম্ভ হৈছে।

এন পি পিৰ এক ঘণিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি অহা দুই এদিনতে নতুন মন্ত্ৰীসভা গঠন হোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে মুখ্য মন্ত্ৰীৰ ভাতৃ তথা দাদেংগ্ৰে সমষ্টিৰ বিধায়ক জে’মছ  পি চাংমাক গৃঢ় বিভাগৰ দায়িত্ব অৰ্পন কৰা হ’ব। আনহাতে মুখ্য মন্ত্ৰী চাংমাই বিত্ত আৰু পৰ্যটন বিভাগ নিজৰ হাতত ৰখাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰি ইউ দি পিৰ সভাপতি তথা জ্যেষ্ঠ বিধায়ক ডংকুপাৰ ৰয় মেঘালয় বিধানসভাৰ নতুন অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে।

অৱশ্যে নতুন মন্ত্ৰী সভাৰ দপ্তৰসমূহ চূড়ান্ত কৰাৰ পূৰ্বে কনৰাড চাংমাই নিৰ্বাচিত বিধায়ক সকলৰ সৈতে পৃথক পৃথককৈ আলোচনাত বহিব বুলি জানিব পৰা গৈছে।