NORTHEAST NOW (Assamese)

মাথোঁ চমক দিয়েই আমনি লাগিল চৰকাৰৰ : মেধাৱী ছাত্ৰীক দিয়া বিনামূলীয়া স্কুটি কৰিলে চাইকেল

May 27, 2018 4:06 pm · এন ই নাও নিউজ

বিজেপিৰ নেতৃত্বাধীন নতুন চৰকাৰে যোৱা বছৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক বিনামূলীয়াকৈ স্কুটি উপহাৰ দি এক প্ৰকাৰৰ চমক দিয়াৰ লগতে ছাত্ৰী আৰু অভিভাৱক সমাজ পৰা প্ৰশংসা লাভ কৰিছিল। কিন্তু মাত্ৰ এবছৰ এই আঁচনিখন ৰূপায়ণ কৰিয়েই চৰকাৰৰ আমনি লাগিল। চৰকাৰে এইবাৰ বিনামূলীয়া স্কুটি দিয়া নহয় বুলি আজি ঘোষণা কৰিছে।

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক জনোৱামতে, চৰকাৰে এইবাৰ স্কুটিৰ পৰিৱৰ্তে ১০০০০ ছাত্ৰ-ছাত্ৰীক চাইকেলহে দিব।

অথচ মুখ্য মন্ত্ৰী আৰু তদানীন্তন শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ উত্তীৰ্ণসকলক স্কুটি বিতৰণ কৰা অনুষ্ঠানত ঘোষণা কৰিছিল যে অহা বছৰ, অৰ্থাৎ ২০১৮ বৰ্ষত ৫ হাজাৰ ছাত্ৰীক স্কুটি দিয়া হ’ব। মাত্ৰ কেইমাহ মানৰ পিছতে চৰকাৰৰ এই লুটি-বাগৰক লৈ এতিয়া সকলোতে সৰৱ আলোচনা হৈছে।

চৰকাৰে মাথো চমক দিবৰ বাবেই এই আঁচনিখন আৰম্ভ কৰিছিল নেকি বুলি প্ৰশ্ন তুলিছে ক্ষুভিত ছাত্ৰী সমাজে।

আনহাতে যোৱাবাৰ উত্তীৰ্ণসকলক স্কুটি বিতৰণ অনুষ্ঠানতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিনামূলীয়া স্কুটি প্ৰদানৰ আঁচনিখনক ছাত্ৰীৰ মেধাৰ স্বীকৃতিৰ লগতে মহিলা সবলীকৰণৰো প্ৰতীক বুলি উল্লেখ কৰিছিল।

আনহাতে বহুতে এইটো ৰাজনৈতিক ভূতপূৰ্ব শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ কৌশল বুলিও কোৱাকুই কৰিছে। কাৰণ ড০ হিমন্ত বিশ্বই বিভাগটো এৰি দিয়াৰ পিছতে ইটোৰ পিছত সিটো নেতিবাচক খবৰে শিক্ষা বিভাগৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস কৰা দেখা গৈছে বুলি মন্তব্য কৰিছে।

Related News