NORTHEAST NOW (Assamese)

মানিকপুৰত প্ৰাক্তন সেনা জোৱান ৰণজিৎ কুমাৰ ৰায়ৰ মৃত্যুত শোক

June 14, 2018 10:43 am · ইয়াছিন আলী

বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহাত এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানৰ আকস্মিক মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে মঙলবাৰে নিশা পাতিলাদহা জাকুৱাপাৰা গাঁৱৰ ভৱানন্দ ৰায়ৰ পুত্ৰ তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰণজিৎ কুমাৰ ৰায়(৫৫) উচ্চ ৰক্তচাপজনিত কাৰণত হঠাতে অসুস্থ হৈ পৰে।

ফলত প্ৰাক্তন সেনা জোৱানজনক তাৎক্ষণিকভাৱে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে বঙাইগাঁৱৰ লৱাৰ আসাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যবশত বঙাইগাঁৱলৈ নিয়াৰ পথতে ৰায়ৰ মৃত্যু হয়।

জানিব পৰা মতে ১৯৮৮ চনত ভাৰতীয় সেনাৰ আসাম ৰেজিমেণ্টত যোগদান কৰা জোৱানজন ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে। চাকৰি কালত জোৱানজনে পদোন্নতি লাভ কৰি চুবেদাৰ পদ লৈ উন্নীত হৈছিল। চুবেদাৰ পদত অধিষ্ঠিত হোৱাৰ পিছত অৱসৰ গ্ৰহণ কৰা জোৱানজন পিছত নিজৰ গাঁৱতে এখন হাৰ্ডৱেৰৰ দোকান খুলি সমাজৰ বিভিন্ন কাম কাজত সহযোগিতা আগবঢ়াই আহিছিল।

বুধবাৰে জোৱানজনৰ ধৰ্মীয় ৰীতিমতে শেষক্ৰিয়া সম্পন্ন কৰে।  ইফালে মৃত্যুৰ সময়ত জোৱানজনে পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী কন্যা এই সংসাৰত এৰি থৈ যায়।

Related News