• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতাৰ ৭০ বছৰ পিছতো উন্নয়নৰ পৰা বঞ্চিত প্ৰাকৃতিক সম্পদেৰে চহকী মাৰ্ঘেৰিটা সমষ্টি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 14, 2018 10:55 am
FB_IMG_1528951202834
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পূৱ প্ৰান্তত বুঢ়ীদিহিং নৈ আৰু টিৰাপ সীমান্তৰ পাটকাই পাহাৰৰ পাদ দেশত বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ বসতি স্থল হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টি। স্বাধীনতাৰ ৭০ বছৰে সৰ্বাধিক ৰয়েল্টি ভাৰত চৰকাৰে এই অঞ্চলৰ পৰা লাভ কৰি আহিছে যদিও মাৰ্ঘেৰিটা সমষ্টিবাসীয়ে সুদীৰ্ঘকাল এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে।

কাগজ কলমে প্ৰায় ১০ কোটি টকা ব্যয় কৰি কেইবাখনো পানী যোগান প্ৰকল্প স্থাপন কৰা হৈছিল যদিও সমষ্টিবাসীয়ে আজি পৰ্যন্ত চৰকাৰী বিশুদ্ধ খোৱাপানী পোৱা নাই। লিডু, মোলাং, আলুবাৰী, মাকুম কিল্লা আদিত স্থাপিত জলসিঞ্চন প্ৰকল্পই এটুপি পানীও কৃষকক যোগান ধৰাত ব্যৰ্থ হৈছে।

Apply Now

সমষ্টিটোৰ ২ নং মোলাঙকে ধৰি বহুবোৰ গাঁৱলৈ বিদ্যুৎ সেৱা আজিও সম্প্ৰসাৰণ নহ’ল। মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী ২৫ কিঃমি দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটো ঐতিহাসিক কীৰ্তি চিহ্নতহে পৰিণত হৈছে। লিডুত স্থাপিত আই, টি, আই খনত আজি পৰ্যন্ত শিক্ষা দানৰ ব্যৱস্থা কৰা নহ’ল।

মাৰ্ঘৰিটা

কয়লা, তেলৰ পৰা প্ৰভূত পৰিমাণৰ ৰাজহ অৰ্জন হৈ থকাৰ পাছতো মাৰ্ঘেৰিটা  উন্নয়ন বঞ্চিত হৈ থাকিব লগা হোৱাৰ ৰহস্য সমষ্টিবাসীৰ বোধগম্য হোৱা নাই। মাৰ্ঘেৰিটাৰ লিডু আই, টি , আই খনৰ শিক্ষা সেৱা মুকলি কৰা, লিডুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৫০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰি পৰ্যাপ্ত আন্তঃগাঁথনি আৰু পৰি কাঠামোৰে স্বয়ং সম্পূৰ্ণ চিকিৎসালয় ৰূপে গঢ়ি তোলা, সমষ্টিটোৰ প্ৰতিটো অঞ্চললৈ বিদ্যুৎ সেৱা সম্প্ৰসাৰণ কৰা , ২নং মোলাঙলৈ পথ যোগাযোগৰ সু-ব্যৱস্থা কৰা আদি সমষ্টিবাসীৰ প্ৰধান দাবী।

তদুপৰি, সমষ্টিটোৰ সমূহ বিধ্বস্ত বাট-পথৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা, সমষ্টিটোৰ মোলাং, মাকুম কিল্লা, আলুবাৰী, আদি অঞ্চলত দীৰ্ঘ বছৰ ধৰি বিকল হৈ থকা জলসিঞ্চন আঁচনিবোৰ কাৰ্যক্ষম কৰা, জাগুন ৯ মাইলত বিকল হৈ থকা পানী যোগান আঁচনিখন (২০০৬-২০০৭ চনত নিৰ্মিত) পুনৰ কাৰ্যক্ষম কৰা আদি বিভিন্ন সমস্যা সম্পৰ্কে স্থানীয় দল সংগঠনে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক অৱগত কৰি আহিছে যদিও বিগত দুই বছৰে সম্পূৰ্ণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই সমূহ সমস্যা কেতিয়ালৈ সমাধান কৰিব তাক লৈ সচেতন মহল চিন্তিত হৈ পৰিছে।

এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ভাৰতবৰ্ষৰ প্ৰাকৃতিক সম্পদেৰে চহকী মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত দৃষ্টি দিবলৈ পৰিবৰ্তনকামী অসম চৰকাৰক মাৰ্ঘেৰিটাৰ সচেতন মহলে দাবী জনাইছে।

সৰ্বাধিক ৰয়েল্টি ভাৰত চৰকাৰে লাভ কৰাৰ পাছতো মাৰ্ঘেৰিটা সমষ্টি উন্নয়নত গুৰুত্ব প্ৰদান নকৰাত উজনি অসমৰ অন্যতম বাণিজ্য নগৰ মাৰ্ঘেৰিটাৰ সচেতন ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। বিশেষকে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক বাৰুকৈ যামৰ যাতনা ভোগাইছে।

অনাগত দিনত মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd