অসমৰ পূৱ প্ৰান্তত বুঢ়ীদিহিং নৈ আৰু টিৰাপ সীমান্তৰ পাটকাই পাহাৰৰ পাদ দেশত বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ বসতি স্থল হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টি। স্বাধীনতাৰ ৭০ বছৰে সৰ্বাধিক ৰয়েল্টি ভাৰত চৰকাৰে এই অঞ্চলৰ পৰা লাভ কৰি আহিছে যদিও মাৰ্ঘেৰিটা সমষ্টিবাসীয়ে সুদীৰ্ঘকাল এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে।
কাগজ কলমে প্ৰায় ১০ কোটি টকা ব্যয় কৰি কেইবাখনো পানী যোগান প্ৰকল্প স্থাপন কৰা হৈছিল যদিও সমষ্টিবাসীয়ে আজি পৰ্যন্ত চৰকাৰী বিশুদ্ধ খোৱাপানী পোৱা নাই। লিডু, মোলাং, আলুবাৰী, মাকুম কিল্লা আদিত স্থাপিত জলসিঞ্চন প্ৰকল্পই এটুপি পানীও কৃষকক যোগান ধৰাত ব্যৰ্থ হৈছে।
সমষ্টিটোৰ ২ নং মোলাঙকে ধৰি বহুবোৰ গাঁৱলৈ বিদ্যুৎ সেৱা আজিও সম্প্ৰসাৰণ নহ’ল। মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী ২৫ কিঃমি দৈৰ্ঘ্যৰ গড়কাপ্তানি পথটো ঐতিহাসিক কীৰ্তি চিহ্নতহে পৰিণত হৈছে। লিডুত স্থাপিত আই, টি, আই খনত আজি পৰ্যন্ত শিক্ষা দানৰ ব্যৱস্থা কৰা নহ’ল।
কয়লা, তেলৰ পৰা প্ৰভূত পৰিমাণৰ ৰাজহ অৰ্জন হৈ থকাৰ পাছতো মাৰ্ঘেৰিটা উন্নয়ন বঞ্চিত হৈ থাকিব লগা হোৱাৰ ৰহস্য সমষ্টিবাসীৰ বোধগম্য হোৱা নাই। মাৰ্ঘেৰিটাৰ লিডু আই, টি , আই খনৰ শিক্ষা সেৱা মুকলি কৰা, লিডুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৫০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰি পৰ্যাপ্ত আন্তঃগাঁথনি আৰু পৰি কাঠামোৰে স্বয়ং সম্পূৰ্ণ চিকিৎসালয় ৰূপে গঢ়ি তোলা, সমষ্টিটোৰ প্ৰতিটো অঞ্চললৈ বিদ্যুৎ সেৱা সম্প্ৰসাৰণ কৰা , ২নং মোলাঙলৈ পথ যোগাযোগৰ সু-ব্যৱস্থা কৰা আদি সমষ্টিবাসীৰ প্ৰধান দাবী।
তদুপৰি, সমষ্টিটোৰ সমূহ বিধ্বস্ত বাট-পথৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা, সমষ্টিটোৰ মোলাং, মাকুম কিল্লা, আলুবাৰী, আদি অঞ্চলত দীৰ্ঘ বছৰ ধৰি বিকল হৈ থকা জলসিঞ্চন আঁচনিবোৰ কাৰ্যক্ষম কৰা, জাগুন ৯ মাইলত বিকল হৈ থকা পানী যোগান আঁচনিখন (২০০৬-২০০৭ চনত নিৰ্মিত) পুনৰ কাৰ্যক্ষম কৰা আদি বিভিন্ন সমস্যা সম্পৰ্কে স্থানীয় দল সংগঠনে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক অৱগত কৰি আহিছে যদিও বিগত দুই বছৰে সম্পূৰ্ণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই সমূহ সমস্যা কেতিয়ালৈ সমাধান কৰিব তাক লৈ সচেতন মহল চিন্তিত হৈ পৰিছে।
এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ভাৰতবৰ্ষৰ প্ৰাকৃতিক সম্পদেৰে চহকী মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত দৃষ্টি দিবলৈ পৰিবৰ্তনকামী অসম চৰকাৰক মাৰ্ঘেৰিটাৰ সচেতন মহলে দাবী জনাইছে।
সৰ্বাধিক ৰয়েল্টি ভাৰত চৰকাৰে লাভ কৰাৰ পাছতো মাৰ্ঘেৰিটা সমষ্টি উন্নয়নত গুৰুত্ব প্ৰদান নকৰাত উজনি অসমৰ অন্যতম বাণিজ্য নগৰ মাৰ্ঘেৰিটাৰ সচেতন ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। বিশেষকে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক বাৰুকৈ যামৰ যাতনা ভোগাইছে।
অনাগত দিনত মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।