মাহজোৰা বাজেট অধিৱেশনৰ বাবে সাজু দিচপুৰ

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে সাজু হৈ উঠিছে দিচপুৰ। বিধানসভা সচিবালয়ে এইক্ষেত্ৰত কাৰ্যসূচী প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

চতুৰ্দশ অসম বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশন মাহজোৰা কাৰ্যসূচীৰে চলিব। বছৰটোৰ প্ৰথমখন অধিৱেশনৰ আৰম্ভণিৰ দিনা ৰাজ্যপাল জগদীশ মুখীয়ে সদনত ভাষণ দিব।

বিধানসভা সচিবালয়ৰ এক সূত্ৰৰ মতে  ৭ ফেব্ৰুৱাৰীত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰাক্ কলন দাখিল কৰিব পাৰে। অৱশ্যে, বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ বাবে বিষয়টো সম্পৰ্কত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই।

পৰৱৰ্তী কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত অনুমোদন জনাবলগীয়া অধিৱেশনৰ কাৰ্যসূচী ৯ মাৰ্চলৈকে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সম্ভাৱ্য প্ৰস্তাৱিত কাৰ্যসূচী অনুসৰি ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আৰু ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ সদন একেৰাহে বহিব।

পৰৱৰ্তী সদন বহিব ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ আৰু ২ মাৰ্চ, ৫ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ। গোটেই অধিৱেশনত সদন মুঠতে ১৭ দিন বহাৰ প্ৰস্তাৱ ৰখা হৈছে।

বাজেট অধিৱেশনৰ সামৰণিৰ দিনটোত অধ্যক্ষই নিৰ্দিষ্ট কৰি দিয়া বিষয়ৰ ওপৰত দিনজোৰা আলোচনা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।

বিধায়কসকলে সমষ্টিৰ বিভিন্ন সমস্যাৰ উপৰি ৰাজ্যখনৰ উন্নয়নৰ লগত জড়িত বিষয়সমূহ সদনৰ নিৰ্দিষ্ট কাৰ্যসূচীৰ অধীনত উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছে।