NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত প্ৰশাসনৰ নিৰ্দেশনাক অৱমাননা কৰি গধুৰ যান-বাহনৰ দৌৰাত্ম্য

June 25, 2018 6:00 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে পুৱাৰ ভাগত মাৰ্ঘেৰিটা নগৰত গধুৰ যান-বাহন প্ৰৱেশৰ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও একাংশ গধুৰ বাহনৰ চালকে এই নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি সদাব্যস্ত এই ৰাষ্ট্ৰীয় ঘাই পথটোৰে গধুৰ যান-বাহন অহা-যোৱা কৰাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশেষকৈ মাৰ্ঘেৰিটা ব্লক তিনিআলি, বৰগোলাইৰ নেফা চাহ ফেক্টৰীৰ সমীপত, লিডু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয় আৰু লিডুৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মধ্য ভাগকে ধৰি ঠাই সমূহ যাতায়াতৰ বাবে বিপজ্জনক হৈ পৰিছিল।

ফলত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে পুৱা ৮ বজাৰ পৰা ১১  বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৭ বজালৈকে মাৰ্ঘেৰিটা নগৰৰ মাজেদি যোৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথেদি গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল।

মন কৰিব লগীয়া যে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন আৰু মহকুমা দণ্ডাধীশে যৌথভাৱে চলিত বৰ্ষৰ ১২ এপ্ৰিলত এম চি এ ১.২০০৮/পি টি-১১১/১৬৭৬-১৮ নম্বৰৰ যোগে এক নিৰ্দেশনা জাৰি কৰা সত্ত্বেও একাংশ গধুৰ যান-বাহনৰ চালকে নিজৰ মইমতালিৰে প্ৰশাসনৰ নিৰ্দেশনাকো অৱমাননা কৰি আহিছে।

অৱশ্যে এই সময়ছোৱাত গধুৰ যানবাহনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া ন’ এন্ট্ৰি জ’নৰে অৱশ্যে পাব্লিক বাচ, স্কুল বাচ, অগ্নিনিৰ্বাপক বাহিনী, জৰুৰীকালিন সেৱা, সেনা বাহিনী, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছিল।

এতিয়া  স্থানীয় ৰাইজে এই সকল উদণ্ড চালকক মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে নাকী লগাবলৈ সক্ষম হ’বনে বুলি প্ৰশ্ন উত্থাপন কৰে।

Related News