মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীত নৱ-বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰ

drowning-drawing-56

কালিৰে পৰা নিৰুদ্দেশ হৈ থকা মাৰ্ঘেৰিটা মছজিদ পট্টিৰ এগৰাকী মহিলাৰ মৃতদেহ আজি দিনৰ ভাগত বুঢ়ীদিহিং নদীত উদ্ধাৰ হৈছে। মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, মাৰ্ঘেৰিটা মছজিদ পট্টীৰ বাসিন্দা কামালুদ্দিন আহমেদৰ জীয়ৰী জোনমনি বেগমৰ কিছু দিন পূৰ্বে তিনিচুকীয়া চহৰত বিয়া হৈ হৈছিল। কিন্তু তথাপি কোনো অজ্ঞাত কাৰণত জোনমণিয়ে বিয়াৰ পাছৰ পৰাই মাৰ্ঘেৰিটাৰ মছজিদ পট্টিত থকা তেওঁৰ পিতৃগৃহতেই বাস কৰিছিল।

কালি দিনৰ ভাগৰে পৰা ২৭ বছৰীয়া মহিলাগৰাকী নিৰুদ্দেশ হৈ থকাত ঘৰৰ মানুহে কোনো প্ৰতিবেশীৰ ঘৰলৈ যোৱা বুলি ভাবিছিল যদিও আজি বাসগৃহৰ পাছফালে থকা বুঢ়ীদিহিং নদীৰ পানীত মৃতদেহটো  দেখা পাই মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়ে।

লগে লগে জোনমণিৰ ঘৰৰ মানুহে মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক আহি নদীৰ পৰা মহিলা গৰাকীৰ মৃতদেহটো তুলি আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

নৱ-বিবাহিত মহিলা গৰাকীয়ে কি পৰিস্থিতিত পৰি এনে চৰম সিদ্ধান্ত বাচি ল’লে সেই সম্পৰ্কে বাতৰি লেখা সময়লৈকে জানিব পৰা হোৱা