চলিত বৰ্ষৰ শেষৰ পিনে অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মিজোৰাম পীপলছ পাৰ্টি (এমপিপি)য়ে বৃহস্পতিবাৰে জোৰাম পীপলছ মুভমেন্ট (জেদপিএম)ৰ সৈতে মিত্ৰতাত প্ৰৱেশ কৰিলে।
জেদপিএমৰ সভাপতি ললিয়ানছাৱাটাই বৃহস্পতিবাৰে আইজলত এই কথা প্ৰকাশ কৰিছে।
জেদপিএম প্ৰথমতে তিনিটা আঞ্চলিক দলৰ এটা সন্মিলিত পাৰ্টি আছিল। সেই তিনিটা হৈছে জোৰাম নেশ্যনেলিষ্ট পাৰ্টি (জেদএনপি), মিজোৰাম পীপলছ কনফাৰেন্স (এমপিচি) আৰু জোৰাম এক্সোডাছ মুভমেন্ট (জেদইএম)। ইয়াৰ পিছত জোৰাম ডিচেন্ট্ৰেলাইজেশ্যন ফ্ৰন্ট (জেদডিএফ) আৰু জোৰাম ৰিফৰ্মেশ্যন ফ্ৰন্ট(জেদআৰএফ) এ এই মৰ্চাত যোগ দিয়ে।
মিত্ৰজোঁটত এমপিপিৰ যোগদানৰ পিছত এই মৰ্চাৰ অধীনত ছয়টা ৰাজনৈতিক দল সংগঠিত হ’ল।
সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত ললিয়ানছাৱাটাই কয় যে এমপিপিৰ যোগদানে জেদপিএমক শক্তিশালী কৰি তুলিব আৰু আগন্তুক বিধানসভাৰ নিৰ্বাচনত জেদপিএমে ৰাজ্যখনক এখন বিকল্প চৰকাৰ উপহাৰ দিব।
তেওঁ কয় যে মিত্ৰজোঁটে ৰাজ্যখনক এখন সুস্থিৰ চৰকাৰ আগবঢ়াবলৈ সক্ষম হ’ব।
সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত উপস্থিত থকা এমপিপিৰ সভাপতি লালটানপুইয়াই কয় যে মিত্ৰজোঁটত তেওঁলোকে ‘’ভাল শাসন প্ৰতিষ্ঠা’’ ৰ দ্বাৰা মিজোৰামক পৰিৱৰ্তনৰ পথত এটা ‘’স্বৰ্গীয় আহ্বান’’হিচাপে লৈ যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এমপিপি দলটো যোৱা বছৰৰ ২৭ ছেপ্টেম্বৰত গঠন কৰা হৈছিল।