• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীক কটু সমালোচনা কৰা বাবেই নাবালকক জে’ললৈ প্ৰেৰণক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ বাক-বিতণ্ডা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 11:14 pm
RubulCreation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীকে ধৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কটু ভাষাৰে সমালোচনা কৰি য়ু টিউবত ভিডিঅ’ আপল’ড কৰা গোলাঘাটৰ এটা নাবালকক জেইললৈ প্ৰেৰণ কৰাক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে। ছ’চিয়েল মিডিয়াত চৰকাৰ তথা বিজেপি বাহিনীৰ এই কাণ্ডক অতি নিন্দনীয় তথা স্বৈৰাচাৰিতা বুলি আখ্যা দিছে হাজাৰ হাজাৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক।

উল্লেখযোগ্য যে ৰুবুল ক্ৰিয়েশ্যনৰ নামত ‘অসমীয়াৰ গৰম তেজ’ শীৰ্ষক ভিডিঅ’ৰ যোগেদি এই কিশোৰজনে মুখ্য মন্ত্ৰীক আৰু প্ৰধান মন্ত্ৰীক কটু সমালোচনা কৰিছিল। কিশোৰজনে এওঁলোকৰ ব্যক্তিগত জীৱন আৰু চৰিত্ৰৰ কথাও আপত্তিকৰভাৱে উল্লেখ কৰিছিল। কেৱল সেয়াই নহয়, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো এওঁ কটু সমালোচনা কৰিছিল।

কিন্তু মন কৰিব লগীয়া কথা হ’ল চৰকাৰক তেওঁ সমালোচনা কৰাৰ ধৰণটো গ্ৰহণযোগ্য নহয়। তেওঁ ভিডিঅ’টোত চৰকাৰৰ পৰা পোৱা চৰকাৰী লেট্ৰিনটোৰ দৃশ্য দেখুৱাই কৈছে যে এইটোত মানুহটো সোমালে বাল্টিটো সুমাই ল’ব নোৱাৰি আৰু বাল্টিটো সোমোৱালে মানুহটো সোমাব নোৱাৰি। লগতে টিনপাটবোৰ ওপৰৰ পৰা আম এটা সৰি পৰিলেই ফুটি মানুহৰ মূৰত পৰিব।

আনহাতে চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিব খোজা কথাটোতো চৰম অসন্তুষ্টিয়েই নহয়, অশালীন ভাষাৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কটু সমালোচনা কৰিছে। কিশোৰজনে বিজেপিক এটা জাতি বুলি কৈছে আৰু এই জাতিটোৱে দেশ-ৰাজ্যক ধ্বংস কৰিব বুলি কোৱাৰ লগতে বিজেপি নিপাত যাবলৈ শাও দিছে।

BijitMudoi
নাবালক কিশোৰজনৰ বিৰুদ্ধে এজাহাৰ দিয়া বিজিত মুদৈ।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত মাজুলীৰ গড়মূৰ থানাত এখন এজাহাৰ দিয়ে জনৈক ব্যক্তিয়ে। এই এজাহৰৰ ভিত্তিত আৰক্ষীয়ে কিশোৰজনক গ্ৰেপ্তাৰ কৰি ২২ মে’ত জে’ললৈ প্ৰেৰণ কৰিছিল।

আনহাতে নিজেই গৈ এজাহাৰ দিয়া বুলি ছ’চিয়েল মিডিয়াত কৌশিক হাজৰিকা নামৰ এজনে পোষ্ট দিয়া দেখা যায়। কিন্তু আমাৰ হাতত পৰা এজাহাৰখনত গড়মূৰৰ কাঠনিবাৰী গাৱঁৰ বিজিত মুদৈৰহে স্বাক্ষৰ আছে। গতিকে বিজিত মুদৈ আৰু কৌশিক হাজৰিকা একেজনেই নে দুজন বেলেগ মানুহ জনা নাযায়।

কিন্তু কৌশিক হাজৰিকাই তেওঁৰ ফেচবুক পেইজৰ টাইম লাইনত ‘এজাহাৰ দিলো’ বুলি কোৱালৈ চাই তেৱোঁ এই এজাহাৰখন দিয়াৰ সময়ত আছিল বুলি গম পোৱা যায়। আনহাতে তেওঁ এজন বিজেপিৰ সমৰ্থক বা কৰ্মকৰ্তা বুলি অনুমান কৰিব পাৰি।

মন কৰিব লগীয়া কথাটো হ’ল- তেওঁ নিজেই বহুতো আপত্তিকৰ, বিশেষকৈ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক ব্যংগ-বিদ্ৰূপ কৰি পোষ্ট আপল’ড কৰিছে বা তেনে পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে।

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকৰ্তাই প্ৰশ্ন কৰিছে যে এজন পৰিপক্ব লোকে নিজেই অপচন্দ হোৱা ৰাজনৈতিক দলৰ নেতাক এনেবোৰ ব্যংগ-বিদ্ৰূপ কৰাৰ পিছতো কেনেকৈ এজন নাবালক কিশোৰে কটু ভাষাৰে হ’ল বুলিয়েই চৰকাৰক সমালোচনা কৰাটোত অপৰাধ দেখা পালে।

বিজিত চুতীয়া নামৰ এজনে কৈছে, “সৰু লৰা এটাই কিমান ভাগি পৰি তেনে কৰিব লগা হৈছে সেইটো প্ৰথম বিবেচনা কৰিব লাগে।… এজনক শাস্তি দিব, কিন্তু তেনে আৰু হাজাৰজন ওলাব। যদি আমি প্ৰকৃত কেৰোণটো বিচাৰিব নোৱাৰো অথবা বিচাৰিব চেষ্টা নকৰো।”

RubulSaikia
এজাহাৰখনৰ এটা প্ৰতিলিপি।

সেইদৰে নিতুপন কুমাৰ ডেকা নামৰ আন এজনে কয়, “উপস্থাপন কৰাত যদিওবা ল’ৰাজনৰ ভুল হৈছে, কিন্তু এক বাস্তৱৰ চিত্ৰ দাঙি ধৰিছে৷ এই কথাখিনি এক সুকীয়া ভংগীমাৰে উপস্থাপন কৰি চৰকাৰৰ ভুল নীতিবোৰক দেখুৱাই দিব পাৰিলেহেতেন।”

আন এজন প্ৰিন্স বৰাই কয় যে এই কিশোৰজনক অশ্লীল ভাষাৰে গালি পৰাসকলে কোনসতে কিশোৰজনৰ অশালীন ভাষাৰ প্ৰতিবাদ কৰিছে। তেওঁ কয়, “জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ আশা বোৰক আওকাণ কৰি কাম নকৰে তেতিয়াও যদি কৰ্তব্যত অৱহেলা কৰাৰ গোচৰত থানাত আপোনালোকে গোচৰ দিলে হেতেন তেতিয়া ইমান সৰু লৰা এজনৰ মানসিকতা এনেকৈ গঢ় নললে হেতেন। মন্তব্য বোৰতো দেখিছো বহুতে মাৰিম, জহৰা , ঢেৰ বেয়া বেয়া শব্দ প্ৰয়োগ কৰি নাবালক লৰা জনক গালি গালাজ কৰিছে । তেওঁলোকে নিজেই কোন পৰিবেশত ডাঙৰ দীঘল হৈছে সেইয়া তেওঁলোকৰ মন্তব্যতেই ফুটি উঠিছে । মুখা পিন্ধা মানুহৰ তুলনাত লৰা জনৰ সাহসিকতাক মানিছোঁ । অন্তত সি চুৱা চেলেকা জাতৰ ধোদ নহয়।”

আন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে কাকতী উপাধিৰ জনৈক ব্যক্তিয়ে। তেওঁ কৈছে যে বেয়াকৈ ক’লে কুইক একশ্যন লয়, ভালকৈ ক’লে একো একশ্যন নলয়। তেওঁ মৰিগাঁৱৰ বুলি কৈ কয় যে আজিলৈ সাত বছৰে কৈ থকাতো এখন দলং বনাব নোৱাৰিলে।

অৱশ্যে বহুতে ল’ৰাজনৰ কামকো সমালোচনা কৰাৰ লগতে এনেকুৱা কামত উৎসাহ নিদিবলৈ আহ্বান জনাইছে। আন কিছুমানে ইয়াৰ অন্তৰালত কাৰোবাৰ সচেতন কৌশল থাকিব পাৰে বুলিও সন্দেহ কৰিছে।

কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল কিশোৰজনক এই অপৰাধত জেইললৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন আছিল নে? চৰকাৰে এতিয়া নাবালক কিশোৰকো ভয় কৰিবলৈ ল’লে নেকি?

শেহতীয়াকৈ জানিব পৰামতে, আজি নিৰ্ধাৰিত সময়তকৈ আগতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ছ’চিয়েল মিডিয়াত আপল’ড কৰাৰ অভিযোগ উত্থাপিত হৈছে এই বিজিত মুদৈ নামৰ বিজেপিৰ মাজুলীৰ পালিনেতাজনৰ বিৰুদ্ধে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd