মুখ্য মন্ত্ৰীয়ে নীলোৎপল আৰু অভিজিতৰ দুৰ্ভগীয়া পৰিয়ালৰ খবৰ ল’বলৈ নোযোৱাটো লজ্জাজনক : প্ৰদ্যোত বৰদলৈ

ProdyotBordoloi

সংবাদমেলত প্ৰদ্যোত বৰদলৈ আৰু ববিতা শৰ্মা।

ৰাজ্যৰ অন্তৰাত্মা কঁপাই যোৱা ডকমকাৰ ঘটনাটোক গৰিহণা দি আজি প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ আগশাৰীৰ নেতা প্ৰদ্যোত বৰদলৈয়ে প্ৰশাসন আৰু চৰকাৰৰ নিষ্ক্ৰিয়তাক গৰিহণা দিয়ে।

ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বৰদলৈয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে একাংশই উৰাবাতৰি উলিয়াই থকাৰ পিছতো চৰকাৰে এইবোৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ আনে। তেওঁ চৰকাৰৰ স্থিতিক চোৰ গ’লে বুদ্ধিৰ সৈতে তুলনা কৰে।

ছুম ৰংহাং আৰু ভৱেশ কলিতাৰ বক্তব্যত চৰকাৰৰ অমনোযোগিতা প্ৰকাশ পাইছে বুলি কোৱাৰ লগতে কাৰ্বি আংলঙৰ উপায়ুক্তৰ মন্তব্যয়ো ৰাজ্যৰ আইন-শৃংখলা অৱস্থাৰ কথা প্ৰমাণ কৰে বুলি কটাক্ষ কৰে।

আনহাতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ ব্যৱস্থা চৰকাৰে শীঘ্ৰেই কৰক। আৰু লগতে এই ঘটনাৰ আলমত কোনো জনগোষ্ঠীৰ বিৰুদ্ধে যাতে কোনো অপপ্ৰচাৰ নচলে তাৰো ব্যৱস্থা কৰা আহ্বান জনায় প্ৰাক্তন মন্ত্ৰীজনে।

ডকমকা কাণ্ডৰ পিছদিনা নগাঁৱত এন এছ য়ু আইৰ সদস্যই কাৰ্বি আংলঙৰ ল’ৰা-ছোৱালীক হোষ্টেলৰ পৰা যাবলৈ নিৰ্দেশ দিয়া ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ইয়াৰ দলীয় তদন্ত কৰাৰ নিৰ্দেশ দিছে। দোষী প্ৰমাণিত হ’লে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

আনহাতে সোপাধৰাৰ আতংক নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চি ইচ্ছ্যু সলনি কৰাৰ চক্ৰান্ত নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আমাৰ ওচৰত তেনে কোনো তথ্য-প্ৰমাণ নাই। কিন্তু এনে প্ৰৰোচনামূলক কাম কৰাত বিজেপি-আৰ এছ এছ সিদ্ধহস্ত। গতিকে কথাটো নুই কৰিব নোৱাৰি। এনেকুৱা কিছুমান কাম কৰাৰ বাবে আৰ এছ এছৰ বাহিনী আছে। তেওঁলোকে এনেকুৱা অপপ্ৰচাৰেৰে মেৰুকৰণৰ চেষ্টা চলায়।”

মুখ্য মন্ত্ৰী আৰু ৰঞ্জিত দাস ঘৰে ঘৰে যোৱা কথাটোক নাটক আখ্যা দি কয় যে ইয়াতে ওলাই পৰিছে দল আৰু চৰকাৰ স্বৰূপ। মুখ্য মন্ত্ৰীয়ে নীলোৎপল আৰু অভিজিতৰ দুৰ্ভগীয়া পৰিয়ালৰ খবৰ লবলৈ নোযোৱাটো লজ্জাজনক  তেওঁলোকে কেৱল ৰাজনৈতিক মুনাফা লাভৰ চিন্তাত আছে। এইদৰে কয় প্ৰদ্যোত বৰদলৈয়ে।