মুখ্য মন্ত্ৰী উপস্থিত থকা সভাতে শংকৰদেৱ আৰু ভূপেন হাজৰিকাক লৈ আৰ এছ এছ নেতাৰ আজৱ মন্তব্য

gopal_1

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত গোপাল কৃষ্ণ নামৰ আৰ এছ এছৰ এজন নেতাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমৰ বিশ্ব বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকা সন্দৰ্ভত অতি বিতৰ্কিত মন্তব্য কৰে। তেওঁ শংকৰদেৱে অসমৰ বাবে একো লিখা নাই বুলি কয়। তেওঁ যি লিখিছিল সেয়া সকলো ভাৰতৰ কথাহে বুলি আজৱ মন্তব্য কৰে। আনহাতে ড০ ভূপেন হাজৰিকায়ো গংগাৰ কথাহে লিখিছিল বা গাইছিল বুলি কয় নেতাজনে।

উল্লেখযোগ্য যে এই আৰ এছ এছ নেতাজনৰ এনে অদ্ভুত মন্তব্যৰ সময়ত অনুষ্ঠানটোত ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীজনো উপস্থিত আছিল। সততে শংকৰদেৱৰ আদৰ্শৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ একো প্ৰতিক্ৰিয়া দেখা নগ’ল এই বিতৰ্কিত মন্তব্যটোৰ।

আজিৰ অনুষ্ঠানটোত আৰ এছ এছৰ নেতাজনে আলফাক কটাক্ষ কৰিও মন্তব্য কৰে। তেওঁ কয় যে autonomous শব্দটোৰ বানান লিখিব নজনাসকলে স্বাধীনতা দাবী কৰে।

তেওঁ স্বাধীনতাৰ প্ৰাকমুহূৰ্তত ব্ৰিটিছে অসমক হিন্দু সংখ্যালঘু ৰাজ্য ঘোষণা কৰি পাকিস্তানৰ সৈতে চামিল কৰিবলৈ ষযড়ন্ত্ৰ কৰিছিল বুলিও মন্তব্য কৰে।

আনহাতে বিশ্ববিদ্যালয়ৰ দৰে গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত এনেকুৱা এজন নেতাক নিমন্ত্ৰণ কৰি বিশ্ববিদ্যালয়খনৰ গাম্ভীৰ্য্য আৰু শৈক্ষিক মৰ্য্যাদাত আঘাত কৰা বুলিও একাংশ সচেতন নাগৰিকে মত প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে একেদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদতো মি. ৰাজকুমাৰ খ্যাত ৰাজকুমাৰ ঠাকুৰীয়া নামৰ এজন গুণ-মান নথকা স্বয়ম্ভু শিল্পী-অভিনেতাক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা বাবেও এক বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানত পতা অনুষ্ঠানত যিকোনো লোকক ভাষণ দিবলৈ মতাটো উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকৰ বাবে মৰ্য্যাদা হানিকৰ বুলি মন্তব্য কৰিছে এই লোকসকলে।

এই খিনিতে মনত পেলাব পাৰি যে ৰাজ্যখনৰ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ বহিৰাগত নেতাই মহাপুৰুষজনাক বাবা চংকৰদেৱ বুলি কৈ বিতৰ্ক সৃষ্টি কৰিছিল। সাধাৰণতে হিন্দী বলয়ৰ সংস্কৃতি-সভ্যতাৰ বাহিৰৰ কথা মুঠেও নজনা এইসকল নেতা আহি অসমত বিভিন্ন বিতৰ্কিত মন্তব্য কৰাটো এটা স্বাভাৱিক গতিধাৰাত পৰিণত হোৱা দেখা গৈছে। এজন বিজেপিৰ নেতাই চুকাফাই মোগলক ১৭বাৰ পৰাজিত কৰিছিল বুলিও হাস্যকৰ মন্তব্য কৰিছিল প্ৰায় দুবছৰ পূৰ্বে।