NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰিলে টাৱাং টি টুৱেণ্টি চেম্পিয়নছ লীগ

March 24, 2018 10:04 pm · প্ৰণৱ কুমাৰ দাস

সুউচ্চ টাৱাঙত থকা ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হোৱা জিলা পৰ্য্যায়ৰ ক্ৰিকেট টুৰ্নামেণ্ট টাৱাং টি টুৱেণ্টি চেম্পিয়নছ লীগ উদ্বোধন কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

অৰুণাচল প্ৰদেশৰ ১৬ খন জিলাৰ আটাইতকৈ সৰু জিলাখনৰ মুঠ ১৫টা দলে অংশগ্ৰহণ কৰিব লগীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত ভাৰতীয় সেনা বাহিনীৰো এটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনা গৈছে।

আজি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধনী ভাষণত সকলো দলকে শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা বাবে ভাৰতীয় সেনা বাহিনীৰ দলটোক প্ৰশংসা কৰে। তেওঁ কয় যে ই সেনা আৰু অসামৰিক লোকৰ মাজত সৌহাৰ্দ্য বৃদ্ধি কৰিব।

আনহাতে ষ্টেডিয়ামখনত উচ্চতাৰ বাবে ঘাঁহ গজোৱাটো কঠিন যদিও ইয়াৰ বাবে তেওঁ ক্ৰিকেটৰ বাবে দৰকাৰী কৃত্ৰিম ঘাঁহৰ পৃষ্ঠ গঢ় দিয়াত সহায় আগ বঢ়াব বুলি আশ্বাস দিয়ে।

উল্লেখযোগ্য যে টি টুৱেণ্টি প্ৰতিযোগিতাখন টাৱাং স্প’ৰ্টছ এছ’চিয়েশ্যনে আয়োজন কৰিছে আৰু মুখ্য মন্ত্ৰী, আৰ ডব্লিউ ডি সংসদীয় সচিব জাম্বেই তাচি আৰু টাৱাঙৰ বিধায়ক চেৰিং তাচিয়ে বিত্তীয় পৃষ্ঠপোষকতা আগ বঢ়াইছে।

Related News