NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল

May 14, 2018 8:53 pm · মিটু খাটনিয়াৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰাৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই আহিল মাজুলীৰ বিভিন্ন দল-সংগঠন।

বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সংসদত গৃহীত কৰি অসমত লাখ লাখ হিন্দু-বাংলাদেশীক সংস্থাপিত কৰাৰ কুটিল ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে। জাতি-মাটি আৰু ভেটি সুৰক্ষিত কৰাৰ সপোন দেখুৱাই অসমত গাদী দখল কৰা বিজেপি চৰকাৰখনে অসমৰ সহজ সৰল ৰাইজ তথা জনগণক চৰম প্ৰতাৰণা কৰিছে বুলি অভিহিত কৰে প্ৰতিবাদকাৰী সকলে।

প্ৰতিবাদকাৰী সকলে ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হ’বলৈ দিয়া নহ’ব, শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে মাজুলীৰ ৰাজপথ কঁপাই তোলে ।

Related News