চৰকাৰ গঠন কৰিয়েই ৰে’ল ভ্ৰমণ কৰি চমক দিব খোজা, তথা মিতব্যয়িতাৰ কথা সততে কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাৰ্টাৰ বিমান লৈ বিদেশ ভ্ৰমণত যোৱাটোৱে চকু কপালত তুলিছে সৰ্বসাধাৰণৰ। আনহাতে আজিৰ এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও এইটো কথাৰ উদাহৰণেৰে কটাক্ষ কৰে সোণোৱালক।
উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল মুখ্য মন্ত্ৰী হৈয়ে গুৱাহাটীৰ পৰা ৰে’লেৰে নিজৰ জন্মস্থান ডিব্ৰুগড়লৈ গৈছিল আৰু তাৰ বাবে তেওঁ সংবাদ মাধ্যমকে ধৰি সৰ্বস্তৰৰ পৰা প্ৰশংসিত হৈছিল।
আনহাতে মিতব্যয়িতাৰ বাবে তেওঁ সতীৰ্থ মন্ত্ৰী-বিধায়কক আহ্বান জনোৱাৰ লগতে নিজেও তেনে কৰিব বুলি সংবাদ মাধ্যমক জনাইছিল। লগতে তেওঁ বৃহৎ কনভয় লৈ ৰাজপথৰ সাধাৰণৰ জনতাক আমনি নিদিয়াৰো সংকল্প লৈছিল, যিটো ৰাজ্যখনৰ মুৰব্বী হিচাপে বাস্তৱত কৰাটো সম্ভৱ নহয়।
আজিৰ সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এইটো কথা টানি আনি, “বিজেপিয়ে মোক হেলিকপ্টাৰ লোৱাৰ বাবে সমালোচনা কৰিছিল। তেওঁ নিজেই চাৰ্টাৰ ফ্লাইট লৈ বিদেশ ভ্ৰমণ কৰিছে। তেৱেঁই অসম বুৰঞ্জীত প্ৰথম মুখ্য মন্ত্ৰী যি বিদেশ ভ্ৰমণত চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰিছে। লগতে নিৰাপত্তাৰক্ষী বেছিকৈ নলওঁ বুলি কৈয়ো তাৰ ওলোটাটোহে কৰিছে।”
উল্লেখযোগ্য যে অলপতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চাৰ্টাৰ বিমান লৈ ভিয়েটানাম ভ্ৰমণ কৰিছিল। কেৱল সেয়ে নহয়, মুখ্য মন্ত্ৰী সোণোৱালে পূজাত উপস্থিত থাকিবৰ বাবে ব্যক্তিগত ভ্ৰমণৰ সময়তো হেলিকপ্তাৰ ব্যৱহাৰ কৰাৰ উদাহৰণ আছে।
মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি কৃষি মন্ত্ৰী অতুল বৰা আৰু আন ১৩জন বিধায়ক, কৃষি বিভাগৰ অন্যান্য বিষয়াৰে গঠিত এটা বৃহৎ দল শেহতীয়া ভিয়েটনাম ভ্ৰমণৰ অংশীদাৰ আছিল। প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ইয়াক চৰকাৰী ধনৰ অপচয় বুলি অভিযোগ কৰিছে।
অৱশ্যে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধেও তেতিয়া বিজেপিয়ে সঘনাই হেলিকপ্তাৰ ব্যৱহাৰ কৰা বাবে একেই অভিযোগ আনিছিল।