মৃত্যু বাৰ্ষিকীত ‘’অসমৰ মহাত্মা গান্ধীলৈ’’ শ্ৰদ্ধাঞ্জলি যোৰহাটবাসীৰ

Krishna-sharma-1-570x320

যোৰহাটত থকা মুক্তিযোদ্ধা কৃষ্ণ শৰ্মাৰ প্ৰতিমূৰ্তি

ৰাজ্যবাসীয়ে পাহৰিলেও যোৰহাটৰ নাগৰিক সংগঠন’চিটিজেন ফৰাম’ৰ উদ্যোগত এমুঠিমান মানুহে অসমৰ মহাত্মা গান্ধী হিচাপে খ্যাত কৃষ্ণনাথ শৰ্মাক সোঁৱৰণ কৰিলে।

শুকুৰবাৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত চহৰখনৰ দস এণ্ড কো চাৰিআলিৰ কবিতা কানন উদ্যানত থকা শৰ্মাৰ প্ৰতিমূৰ্তিত এই এমুঠিমান মানুহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নিজৰ ব্যক্তিগত নামঘৰটোৰ দুৱাৰ হৰিজন সম্প্ৰদায়ৰ বাবে মুকলি কৰি দি উচ্চ বৰ্ণৰ লোকৰ ৰোষৰ বলি হোৱা শৰ্মাই মহাত্মা গান্ধীৰ আহ্বানত তেওঁৰ আইনৰ বৃত্তি বাদ দি স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।

তেওঁৰ উদ্যোগতে ১৯২৬ চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন অনুষ্ঠিত হৈছিল।

১৯৩৪ চনৰ ১৮ এপ্ৰিলত গান্ধীয়ে যোৰহাট ভ্ৰমণৰ সময়তে তেওঁ নিজৰ নামঘৰটো হৰিজনসকলৰ বাবে মুকলি কৰি দিছিল যাতে সমাজত অস্পৃশ্য বুলি বিবেচিত লোকসকলে আৰাধনা কৰিব পাৰে। কিন্তু ইয়াৰ বাবে নিজৰ সম্প্ৰদায়ৰ ৰোষত পৰি তেওঁৰ লগতে পৰিয়ালটোকো এঘৰীয়া কৰি ৰাখিছিল।

মহাত্মা গান্ধীয়ে ভ্ৰমণ কৰা তেওঁৰ আশ্ৰমখন আৰু তেওঁৰ লগতে তেওঁৰ দ্বিতীয় পুত্ৰৰ সমাধি দুটা জৰাজীৰ্ণ আৰু অৱহেলিত হৈ পৰি ৰৈছে।

‘’ বিগত দিনত চৰকাৰে আমাৰ মুক্তিযোদ্ধাসকল আৰু সমাজ সংস্কাৰকসকলক তেওঁলোকৰ আত্মবলিদানৰ বাবে সুঁৱৰি সন্মান জনাইছে,’’-মহাপুৰুষ মাধৱদেৱ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰাতুল বৰুৱাই কয়।

শৰ্মাই দৰিদ্ৰ আৰু শোষিতজনৰ বাবে অক্লান্ত কাম কৰি গৈছিল আৰু তেওঁ উত্তৰ পূৰ্বাঞ্চলত কানিৰ ব্যৱহাৰ বন্ধ কৰাৰ কামত নিয়োজিত হৈছিল। ১৯২৪ চনত কুলধৰ চলিহাৰ সভাপতিত্বত গঠিত এই বিষয়ক কমিটিখনৰ তেওঁ সদস্য আছিল।

এগৰাকী নিষ্ঠাৱান ব্ৰাহ্মণ শৰ্মাই অসমত হৰিজন কল্যাণ আঁচনি প্ৰস্তুত কৰি ১২ খন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।

কৃষ্ণ শৰ্মাৰ দ্বিতীয় পুত্ৰ কালিদাস দেৱ শৰ্মাই তেওঁৰ ভাতৃসকলৰ লগতে চৰকাৰৰ সাহায্যত তেওঁৰ পিতৃৰ সোঁৱৰণত এখন বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছিল য’ত কাঠমিস্ত্ৰী, কমাৰ শিল্পৰ লগতে আন বৃত্তিগত প্ৰশিক্ষণ দিয়া হৈছিল।

যোৰহাটৰ চিটিজেন ফৰামে তেওঁৰ প্ৰতিমূৰ্তিৰ লগতে থকা উদ্যানখন পৰিস্কাৰকৈ ৰখা আৰু ইয়াক সজাই তোলাৰ দায়িত্ব নিজেই গ্ৰহণ কৰিছে।