মেইটেই জনগোষ্ঠীক অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিকৰণ: মণিপুৰ ট্ৰাইবেল ফ’ৰামৰ বিৰোধিতা

meities

মেইটেই জনগোষ্ঠীক অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে অল ট্ৰাইবেল ৰাইটছ প্ৰটেকচন ফ’ৰাম, মণিপুৰ চমুকৈ এটিআৰপিএফএমে।

অনুসূচিত জাতি দাবী সমিতিয়ে ৰাজ্যখনৰ মেইটেই জনগোষ্ঠীক অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিৰুধিতা কৰি এটিআৰপিএফএমৰ সভাপতি যোচেফ ৰংমেই মঙলবাৰে ৰাজ্যখনৰ সকলো জনজাতীয় নেতা, ৰাজনীতিক আৰু বিশিষ্ট নাগৰিকসকলক ইয়াৰ বিৰুধিতা কৰিবলৈ আহ্বান জনায়।

এটিআৰপিএফএমৰ সভাপতিগৰাকীয়ে লগতে মেইটেই জনগোষ্ঠীক অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিকৰণৰ যি প্ৰক্ৰিয়া চলি আছে তাৰ আঁৰত কিছু গোপন উদ্দেশ্য আৰু ষড়যন্ত্ৰ নিহিত হৈ থকাৰো সন্দেহ ব্যক্ত কৰে।

সেয়েহে এটিআৰপিএফএমৰ সভাপতি যোচেফ ৰংমেই লগতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰখনক অনুসূচিত জাতি দাবী সমিতিৰ দাবীক স্বীকৃতি নিদিবলৈ আহ্বান জনায়।অন্যাথা ইয়ে ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ ঐক্য বিনষ্ট কৰি অশান্তিৰ সৃষ্টি কৰিব বুলিও সকীয়াই দিয়ে মণিপুৰ ট্ৰাইবেল ফ’ৰামৰ সভাপতিগৰাকীয়ে।

উল্লেখ্য যে ৰাজ্যখনৰ প্ৰাক্তন জনজাতি মন্ত্ৰী আৰ ভি মিঙথিঙে মেইটেই জনগোষ্ঠীক অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰিবলৈ অনুসূচিত জাতি দাবী সমিতিয়ে জনোৱা দাবীৰ প্ৰতি সমৰ্থন দিয়াৰ এদিন পাছতে এটিআৰপিএফএমৰ সভাপতি যোচেফ ৰংমেৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ।

এই বিষয়টোক লৈ সমাগত সময়ত মণিপুৰৰ ৰাজনীতি উত্তাল হ’ব বুলি শংকা প্ৰকাশ কৰিছে সচেতন মহলে।