মেঘালয়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কেন্সাৰ ৰোগীৰ সংখ্যা : মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰীৰ তথ্যত প্ৰকাশ

The Shillong Civil Hospital (Photo by Sanjib Bhattacharjee)

উত্তৰ-পূবৰ ৰাজ্যকেইখনত কৰ্কট ৰোগে কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তাৰ এখন ছবি দাঙি ধৰিছে আজি মেঘালয়ৰ বিধানসভাৰ মজিয়াত মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকে। হেকে বিধানসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি ২০১০ চনৰ পৰা কেৱল শ্বিলং অসামৰিক চিকিৎসালয়ত পঞ্জীয়নকৃত ৰোগীৰ সংখ্যাই হ’ল ৮,৫৩০ জন।

স্বাস্থ্য মন্ত্ৰীজনে আজি বিধানসভাৰ অধিৱেশনৰ মাজতে পূব শ্বিলঙৰ কংগ্ৰেছৰ বিধায়ক এম্পাৰীন লিংডোৱে উত্থাপন কৰা প্ৰসংগ এটাৰ সময়ত এই তথ্য প্ৰকাশ কৰে। লিংডোৱে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা বিষয়টো উত্থাপন কৰিছিল। এল হেকে কয় যে ৰোগীসকললৈ বিত্তীয় সাহায্যৰ দিশটো পুনৰীক্ষণৰ দৰকাৰ আছে। চৰকাৰী কৰ্মচাৰীয়েই হওক বা নিম্ন আয়ৰ লোকৰে হওক।

হেকে কয় যে কেন্সাৰ ৰোগীসকলৰ বাবে সকলো প্ৰকাৰৰ সমৰ্থনমূলক পৰিচৰ্যাৰ ব্যৱস্থা শ্বিলং অসামৰিক চিকিৎসালয়ত কৰা হৈছে আৰু ঔষধো চৰকাৰৰ দ্বাৰা বিনামূলীয়াকৈ দিয়া হৈছে।

হেকে কয় যে চৰকাৰখন চিকিৎসালয়খন থকা বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু সদায়ে  ইয়াৰ প্ৰতিকাৰৰ বাবে সকলো ধৰণৰ প্ৰয়াস চলাই যাব। লগতে সকলো স্তৰৰ জনসাধাৰণৰ পৰা অহা প্ৰস্তাৱ-পৰামৰ্শও বিবেচনা কৰি চাব।

মন্ত্ৰীজনে লগতে কয় যে মেগা হেলথ ইন্সিউৰেন্স স্কীমটো ৰাজ্যখনৰ জনসাধাৰণৰ বাবে এটা ডাঙৰ আশীৰ্বাদস্বৰূপে।