মেঘালয়ত প্রাকৃতিক গছক চেৰ পেলালে প্লাষ্টিকৰ ‘খ্রীষ্টমাছ ট্ৰী’য়ে

খ্ৰীষ্টমাছৰ বাবে ছিলঙৰ মটফ্ৰানত বিক্ৰীৰ বাবে ৰখা পাইন গছৰ ডাল দেখা গৈছে

মেঘালয়ত এতিয়া খ্ৰীষ্টমাছৰ উলাহেৰে ভৰি পৰিছে গোটেই পৰিৱেশটো। ৰাজ্যখনৰ ৰাজধানী চহৰ ছিলঙত খ্ৰীষ্টমাছৰ আয়োজন এতিয়া তুংগত। ইয়াৰ মাজতে ‘খ্ৰীষ্টমাছ ট্ৰী’ক লৈ ব্যস্ত হৈ পৰিছে ছিলংবাসী। কিন্তু ইয়াৰ বাবে প্ৰাকৃতিক খ্ৰীষ্টমাছ গছৰ চাহিদা হ্ৰাস পাইছে। তাৰ ঠাই লৈছে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা প্লাষ্টিকৰ খ্ৰীষ্টমাছ ট্ৰীয়ে।

পূৰ্বতে, জনসাধাৰণে বজাৰৰ পৰা পাইন গছৰ ডাল কিনিছিল আৰু উৎসৱৰ সময়ত তাক মাটিত পুতি লৈ খ্ৰীষ্টমাছ ট্ৰী সজোৱা হৈছিল।

অৱশ্যে, যোৱা কেইবছৰত জনসাধাৰণৰ আকৰ্ষণ প্লাষ্টিকেৰে প্ৰস্তুত কৰা খ্ৰীষ্টমাছ ট্ৰীত নিৱদ্ধ হৈছে। এই প্লাষ্টিকৰ গছবোৰ মেঘালয়ৰ বাহিৰৰ পৰা আমদানি কৰা হয়।

পূব খাচী পাহাৰ জিলাৰ মাওৰেঙৰ দৰে অঞ্চলসমূহৰ পৰা গাওঁবাসীয়ে উৎসৱৰ সময়ত চহৰলৈ পাইন গছৰ ডালবোৰ লৈ আনে আৰু সেইবোৰ ২৫০ টকাৰ পৰা আৰম্ভ কৰি বিভিন্ন দৰত বিক্ৰী হয়।

পূৰ্বতে লোকসকলে ছিলঙৰ মুখ্য বজাৰ অঞ্চলৰ প্ৰাকৃতিক খ্ৰীষ্টমাছ গছ বিক্ৰী হোৱা ইউদাহ, খ্যানদাই লেড আৰু আন ব্যৱসায়িক কেন্দ্ৰসমূহলৈ গৈ গছ ক্ৰয় কৰি আনিছিল।

কিন্তু এতিয়া লোকসকলে প্ৰাকৃতিক গছৰ সলনি প্লাষ্টিকৰ গছহে পছন্দ কৰিবলৈ লৈছে। ইয়াৰ এক কাৰণ হৈছে প্লাষ্টিকৰ গছবোৰ পৰৱৰ্তী বছৰৰ খ্ৰীষ্টমাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি।

অৱশ্যে, যুৱক ছামছাৰলাং আৰু তেওঁৰ বন্ধুসকলে স্বীকাৰ কৰে যে যেতিয়া ইয়াক নিষ্কাষণৰ কথা আহে, দেখা যায় যে প্লাষ্টিকৰ গছবোৰে নিশ্চিতভাৱে পৰিৱেশ বিনষ্ট কৰিব।

‘’ আপুনি য’তেই নেপেলাওক কিয় প্ৰাকৃতিক গছবোৰে পৰিৱেশৰ ক্ষতি নকৰে, কিন্তু পচন নোহোৱা প্লাষ্টিক গছবোৰে পৰিৱেশৰ ক্ষতি কৰিব,’’-ছামছাৰলাঙে কয়।

যীশু খ্ৰীষ্টৰ জন্ম উৎসৱ খ্ৰীষ্টমাছ উদযাপনৰ বাবে আৰু কেইঘন্টামানহে বাকী থকা অৱস্থাত ছিলং চহৰখন খ্ৰীষ্টমাছৰ ৰূপসজ্জাৰে তথা আলোকসজ্জাৰে উদ্ভাসিত হৈ পৰিছে। বিশেষকৈ মানুহৰ ঘৰবোৰ, চৰকাৰী অট্টালিকাসমূহ আৰু বাণিজ্যিক কেন্দ্ৰসমূহ চমকি উঠিছে।