মেঘালয়ত বন্দুক দেখুৱাই বিজেপি নেতাৰ পৰা ডকাইতে নিলে গহনা, টকা আৰু ম’বাইল ফ’ন

Meghalaya BJP leader

ডকাইতৰ কবলত পৰা বিজেপি নেতা বিনয় ঘোষ। ফাইল ফটো।

কালিৰ এটা চাঞ্চল্যকৰ ঘটনাত মেঘালয়ৰ ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গপতুলি অঞ্চলত ডকাইতে বন্দুক দেখুৱাই বিজেপিৰ এজন নেতা তথা বিগত নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা বিনয় ঘোষৰ পৰা গহনা, টকা-পইচা আৰু ম’বাইল ফোন কাঢ়ি নিয়ে। জানিব পৰামতে, সেই সময়ত নেতাজনে তেওঁৰ ফুলবাৰীত থকা ঘৰলৈ গৈ আছিল।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, ডকাইতকেইজনে ঘোষক এজন ব্যৱসায়ী বুলি জনা নাছিল আৰু এই অজ্ঞতাৰ সুযোগ লৈ তেওঁ নিজকে এজন শিক্ষক বুলি পৰিচয় দি কিছু সকাহ লাভ কৰে।

“মই শ্বিলঙৰ পৰা ঘূৰি ঘৰলৈ আহি আছিলো আৰু গপতুলি গাৱঁৰ ওচৰ পাইছিলো। ৰাস্তা বেয়া আৰু বনৰীয়া হাতীৰ ভয় থকা বাবে আমি লাহে লাহে আহি আছিলো। তেনেকুৱাতে হঠাতে বন্দুক লোৱা ৬জন লোকে আমাৰ গাড়ীখন আগচি ধৰে আৰু আমাক গাড়ীৰ পৰা ওলাই আহিবলৈ নিৰ্দেশ দিয়ে।” ঘোষে ঘটনাৰ বিৱৰণ দি কয়।

ঘোষে লগতে কয়, “মোৰ হাতত ২৫ হাজাৰ টকা আছিল আৰু এইখিনি মই তেওঁলোকক দি দিলো। তেওঁলোকে আমাৰ পৰা সোণৰ গহনাবোৰো আঁজুৰি লৈ যায়। তেওঁলোকে মোৰ আৰু মোৰ গাড়ীচালকৰ লগতে সহযাত্ৰী উত্তম দাসৰ ম’বাইল ফোনকেইটাও লৈ যায়। মোৰ বেগত থকা দুটা এইচ্ছ পি টেবলেটো লৈ যায়। তেওঁলোকে আমাক ফোনকেইটাৰ পৰা ছিম কাৰ্ডকেইটা উলিয়াই ৰাখিবলৈ কয়। কিন্তু যিহেতু যথেষ্ট পোহৰ নাছিল, গতিকে এইটো কৰা কঠিন আছিল। আমি এটাকৈ ছিমকাৰ্ড উলিয়াওঁতেই তেওঁলোকে আকৌ ফোনকেইটা টানি লৈ যায়।”

ডকাইতকেইজনে তেওঁলোকৰ বাবে আন এখন গাড়ী নহালৈকে ৰৈ থাকিবলৈ নিৰ্দেশ দিয়ে। পিছত তেওঁলোকে সেই স্থানৰ পৰাই আৰক্ষীক খবৰ দিয়ে।

জানিব পৰামতে, উক্ত অঞ্চলটোৰ আশে-পাশে সচৰাচৰ চি আৰ পি এফৰ জোৱানৰ তহল থকা দেখা যায়। কিন্তু উক্ত সময়ত সেয়া নাছিল। ঘটনা সন্দৰ্ভত বিজেপি নেতাজনে পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

ঘটনাৰ পিছত স্থানীয় লোকে অঞ্চলটোত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে, যাতে সক্ৰিয় হৈ উঠা এনেকুৱা ডকাইতৰ পৰা যাত্ৰীসকল সুৰক্ষিত হয়।

উল্লেখযোগ্য যে অলপতে নিৰ্বাচন হৈ যোৱা ৰাজ্যখনত বিজেপিও চৰকাৰৰ অংশীদাৰ। ঘোষে ফুলবাৰী সমষ্টিৰ পৰা দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল।