NORTHEAST NOW (Assamese)

মহিলালৈ বিনামূলীয়া চেনিটেৰি নেপকিন, খাচি আৰু গাৰো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তৰ প্ৰতিশ্ৰুতি বিজেপিৰ

February 15, 2018 9:56 pm · এন ই নাও নিউজ
Updated: February 15, 2018 10:00 pm

মাহটোৰ শেষৰফালে নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া মেঘালয়ত আজি বিজেপিয়ে দলৰ ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছে। দলটোৱে এই ভিজন ডকুমেণ্টত মেঘালয়বাসীলৈ নানা প্ৰতিশ্ৰুতি আগ বঢ়াইছে। বিশেষকৈ শাসনাধিষ্ঠিত কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই ভিজন ডকুমেণ্টত মেঘালয়বাসীক বিভিন্ন সপোন দেখাৰ সুযোগ দিয়া হৈছে।

দলটো শাসনলৈ আহিলে ছমাহৰ ভিতৰত মেঘালয়ত কয়লা খননৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ব বুলিও আশ্চৰ্য্যকৰ প্ৰতিশ্ৰুতি দিয়ে দলটোৱে। কিয়নো ৰাজ্যখনত কয়লা খননৰ ওপৰত সেউজ ন্যায়াধিকৰণে নিষেধাজ্ঞা আৰোপ কৰি থৈছে, যিটো চৰকাৰে উঠাওঁ বুলিলেই উঠাব নোৱাৰে।

আনহাতে মেঘালয়ৰ কৰ্মচাৰীৰ বাবে সপ্তম দৰমহা আয়োগৰ গাঁথনি প্ৰযোজ্য কৰা, জৈৱিক কৃষি পদ্ধতিক উৎসাহিত কৰা, মেঘালয়ক পৰ্য্যটনৰ সৰ্বাধিক মূল্যৱান ঠাইত পৰিণত কৰা, বিদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰা আদিও আছে ভিজন ডকুমেণ্টত।

আজি দলটোৰ হৈ ভিজন ডকুমেণ্ট মুকলি কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে। কাৰ্য্যসূচীটোত উপস্থিত আছিল কেন্দ্ৰীয় পৰ্য্যটন মন্ত্ৰী কে ডে আলফনছ, দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু মেঘালয়ৰ নিৰ্বাচনৰ দায়িত্বত থকা নলিন কোহলি, মেঘালয় বিজেপিৰ প্ৰধান চিবুন লিংডো আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আলেকজেণ্ডাৰ হেক।

কাৰ্যসূচীটোত নিজৰ বক্তব্যত সীতাৰমণে কয়, ‘আমি নিৰ্বাচনৰ বতৰ হোৱা বাবেই ইয়ালৈ অহা নাই। আহিছো পৰিৱৰ্তন আৰু ইতিবাচক পৰিৱৰ্তনৰ বাৰ্তা লৈ।’

চৰকাৰী কৰ্মচাৰীয়ে পঞ্চম দৰমহা আয়োগৰ গাঁথনিমতে দৰমহা পাই থকা ৰাজ্যখনত সপ্তম দৰমহা আয়োগৰ কথা কোৱাৰ উপৰি ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। লগতে শক্তিশালী নিয়োগ নীতি গ্ৰহণ কৰি ৰাজ্যখনৰ প্ৰতিজন যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰা হ’ব বুলি কোৱা হৈছে। শিক্ষাৰ্থীসকলৰ বাবে জলপানিৰ ব্যৱস্থাও আছে প্ৰতিশ্ৰুতিৰ ভিতৰত। আনহাতে বিদ্যুৎ বিল চহৰীয়া অঞ্চলত ৩০ শতাংশ আৰু গ্ৰাম্য অঞ্চলত ৫০ শতাংশ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে।

দলটোৱে ভিজন ডকুমেণ্টত নিম্নতম মজুৰিৰ বাবে উপযুক্ত শ্ৰম আইন অনাৰ কথাও উল্লেখ কৰিছে।

এইবোৰৰ উপৰি, সকলোৰে বাবে পকীঘৰ, খোৱাপানী, চৌব্বিচ ঘণ্টাই বিদ্যুৎ যোগান ইত্যাদি অনেক প্ৰতিশ্ৰুতি দিয়া হৈছে। আন এটা উল্লেখযোগ্য প্ৰতিশ্ৰুতি হ’ল দাৰিদ্ৰ্য সীমাৰেখাৰ প্ৰতিটো পৰিয়ালৰ সকলো মহিলালৈ এপেকেটকৈ চেনিটেৰি নেপকিন দিব বিজেপি শাসনলৈ আহিলে।

আনহাতে বিজেপি শাসনলৈ আহিলে খাচি আৰু গাৰো ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছে দলটোৱে।

Related News