NORTHEAST NOW (Assamese)

মেঘালয়ত কংগ্ৰেছৰ পাঁচজন বিসম্বাদী বিধায়ককে ধৰি মুঠ আঠজন বিধায়কে যোগদান কৰিব এন পি পিত

December 24, 2017 7:33 pm · এন ই নাও নিউজ
Updated: December 24, 2017 7:43 pm

নিৰ্বাচনমুখী মেঘালয়ৰ ৰাজনৈতিক বতাহত এক বিশেষ মাত্ৰা দি কংগ্ৰেছৰ পাঁচজন বিসম্বাদী বিধায়কে অহা ৪ জানুৱাৰিত ৰাজ্যখনৰ নেশ্যনেল পীপলছ পাৰ্টিত (এন পি পি) যোগদান কৰাটো নিশ্চিত কৰিছে। উক্ত দিনা প’ল’ গ্ৰাউণ্ডত হ’ব লগীয়া এটা সমাৱেশত বিধায়ককেইজনে দলটোত যোগদান কৰিব।

এন পি পিৰ সভাপতি ডল্বিউ আৰ খাৰ্লুখিয়ে আজি সাংবাদিকৰ আগত এই তথ্যটো দিয়ে। আনহাতে আন দুজন নিৰ্দলীয়া বিধায়ক তথা এজন য়ু ডি পি বিধায়কেও দলটোত যোগদান কৰিব।

এন পি পি দলত যোগদান কৰিব লগীয়া বিধায়ককেইজন হ’ল প্ৰে’ষ্টন টাইচং, ৰ’ৱেল লিংডো, কমিংগোন, য়ামবোন, স্নিয়াভলাং ধাৰ আৰু গেইটলাং ধাৰ (আটাইকেইজন কংগ্ৰেছৰ) আৰু য়ু ডি পিৰ ৰেমিংটন পিংৰ’প আৰু নিৰ্দলীয় ষ্টিফেনশ্যন মুখিম আৰু হ’পফুল বেমন।

উল্লেখযোগ্য যে দলত্যাগৰ ধুমুহাই শাসনাধিষ্ঠিত কংগ্ৰেছ দলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। ইতিপূৰ্বে মৌচিনৰামৰ কংগ্ৰেছ বিধায়ক পি এন চিয়েইমে দলৰ পৰা পদত্যাগ কৰি নৱগঠিত পি ডি এফ দলত যোগদান কৰিছিল। ৰজানৈতিক বিশ্লেষকে জনোৱা মতে বেছিভাগ কংগ্ৰেছী বিধায়কেই মুখ্য মন্ত্ৰী মুকুল চাংমাৰ ব্যৱহাৰত সুখী নহয় আৰু তেওঁৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ অভিযোগ আনিছে। অৱশ্যে এই সন্দৰ্ভত মত ল’ব পৰাকৈ কোনো কংগ্ৰেছী বিধায়কক যোগাযোগ কৰিব পৰা নগ’ল।

আনহাতে এন পি পিৰ নেতা খাৰ্লুখি আৰু ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই দলটোত নতুনকৈ যোগদান কৰিবলৈ ওলোৱা বিধায়ক সকলক আদৰণি জনাইছে। বৰ্তমানৰ বিধানসভাত দলটোৰ দুজন বিধায়ক আছে।

Related News