NORTHEAST NOW (Assamese)

মেঘালয়ৰ আৰটিআই কৰ্মী হত্যাক কঠোৰ ভাষাৰে গৰিহণা গৃহমন্ত্ৰী জে চাংমাৰ

March 22, 2018 12:16 pm · এন ই নাও নিউজ

মেঘালয়ৰ যুৱ আৰটিআই কৰ্মী পি মাজাঅ’ক যোৱা সোমবাৰে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা ঘটনাটোক তীব্ৰ গৰিহণা দিছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী জেমছ চাংমাই।

এই সন্দৰ্ভত ৰাজ্যখনৰ গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে যুৱ নেতা তথা আৰটিআই কৰ্মী গৰাকীৰ হত্যাৰ লগত জড়িত কাকো ৰেহাই দিয়া ন’হব। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাটো তেওঁ ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰি থকা বুলি উল্লেখ কৰি আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ব্যৱস্থা ল’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীয়ে যোৱা মঙলবাৰে শ্বিলঙত খাচী ছাত্ৰ সন্থাই কৰা উদ্ভণ্ডালিক কোনো কাৰণতে সহ্য কৰা ন’হব বুলিও কঠোৰ সকীয়নি দিয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে জয়ন্তীয়া য়ুথ ফেডাৰেশ্যনৰ সভাপতি তথা আৰটিআই কৰ্মী পি মাজাঅ’-এ শেহতীয়াভাৱে জয়ন্তীয়া হিলছ অটোন’মাছ ডিষ্ট্ৰিক কাউন্সিলত ৰাজহুৱা ধনৰ ব্যৱহাৰত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল।

তাৰ পাছতে যোৱা সোমবাৰে শেষ নিশা শ্বিলঙৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছিল ৩৮ বছৰীয়া পি মাজাঅ’ৰ মৃতদেহ। সেয়েহে এই হত্যকাণ্ডটোৰ আঁৰত এটা দুৰ্নীতিগ্ৰস্থ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

যুৱ নেতা তথা আৰটিআই কৰ্মী গৰাকীৰ মৃতু্ ৰহস্য ভেদ কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৰাইজে।

 

 

Related News