NORTHEAST NOW (Assamese)

মেঘালয়ৰ কংগ্ৰেছ প্ৰাৰ্থীক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

February 12, 2018 9:47 pm · চাইদুল খান

অনুমতিবিহীন সভা আয়োজন কৰা তথা সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত আজি নিৰ্বাচন আয়োগে মেঘালয়ত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হোৱা এজন প্ৰাৰ্থীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

জানিব পৰামতে নিৰ্বাচন আয়োগৰ ৰোষত পৰা প্ৰাৰ্থীজন হ’ল দক্ষিণ তুৰা সমষ্টিৰ গ্ৰিথালছন আৰেং। জাননীখনত আৰেঙক অহা মঙলবাৰৰ ভিতৰত কাৰণ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে, যাৰ ব্যৰ্থতাই তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম মতে ব্যৱস্থা ল’বলৈ বাধ্য কৰিব বুলি কোৱা হৈছে।

সূত্ৰটোৱে কোৱা মতে আৰেঙৰ বিৰুদ্ধে এন পি পিয়ে আয়োগক অভিযোগ দিছিল যে তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে তুৰাৰ নতুন ৱালবেকগ্ৰীত ৯ ফেব্ৰুৱাৰিত বিজেপি আৰু এন পি পিৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিছিল।

অভিযোগটোত উল্লেখ কৰা মতে আৰেঙে এই দুটা দলক ভোট দিলে ৰাজ্যখনৰ পৰা খ্ৰীষ্টান ধৰ্ম উচন হ’ব বুলি মন্তব্য কৰিছিল।

অভিযোগটো এন পি পি দলৰ সাধাৰণ সম্পাদক মেথিয়াছ এন মাৰাকৰ দ্বাৰা নিৰ্বাচনী সমন্বয়কৰ কাৰ্য্যালয়ত যোৱা ১০ ফেব্ৰুৱাৰিত দিয়া হৈছিল বুলি জানিব পৰা গৈছে।

তেওঁৰ মন্তব্যই মানুহৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি অভিযোগটোত কোৱা হৈছে।

কাৰণ দৰ্শোৱাৰ জাননীখনত এইটোও কোৱা হৈছে যে আৰ্হি আচৰণ বিধি প্ৰযোজ্য হৈ থকা সত্ত্বেও কংগ্ৰেছ প্ৰাৰ্থীজনে নিৰ্বাচনী সভাখনৰ বাবে অনুমতিও লোৱা নাছিল।

‘এনেকুৱা সময়ত অনুমতিবিহীনভাৱে সভা অনুষ্ঠিত কৰাটোক আপোনাৰ আৰ্হি আচৰণ বিধি তথা নিয়ম ভংগ কৰাৰ ইচ্ছাপূৰ্বক প্ৰয়াস হিচাপে ধৰা হৈছে।’ এইদৰে কোৱা হৈছে জাননীখনত।

Related News