মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল এম এম জেকবৰ দেহাৱসান

mm-jacob...jpg.image_.784.410-570x320

ফাইল ফটো : মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল এম এম জেকব

বাৰ্ধক্যজনিত কাৰণত মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল এম এম জেকবৰ আজি কেৰেলাৰ ক’ট্টায়ামৰ পালস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।

বহুবছৰ কাল পাহাৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্ষীয়ান কংগ্ৰেছৰ নেতাজনে ৮০ দশকত ৰাজ্যসভাৰ উপাধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি কংগ্ৰেছৰ শাসন কালত কেন্দ্ৰীয় মন্ত্ৰীৰো দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল।

কেৰেলাৰ ৰামাপুৰাম জিলাৰ নিবাসী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জেকবে কেৰেলা প্ৰদেশ কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক তথা কোষাধ্যক্ষ হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। তাৰোপৰি বহু বছৰকাল এআইচিচিৰ সদস্য হৈ থকাৰ লগতে কেৰেলা ষ্টেট সেৱা দলৰো অধ্যক্ষ আছিল।

উল্লেখ্য যে এইগৰাকী বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা উত্তৰ-পূবত খুব জনপ্ৰিয় জেকবৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল-সংগঠনে ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে শোক প্ৰকাশ কৰি কয়, ‘ৰাজ্যপাল, মন্ত্ৰী তথা এগৰাকী সাংসদ হিচাপে তেওঁ দেশৰ হৈ উল্লেখনীয় অৱদান আগবঢ়াই গৈছে। কেৰেলাৰ উন্নয়নৰ বাবেও তেওঁ যথেষ্ট কৰিছে। তেওঁৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো’।

আনহাতে জানিব পৰা মতে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ অন্তেষ্টিক্ৰিয়া কাইলৈ অৰ্থাৎ সোমবাৰে সম্পন্ন কৰা হ’ব।