কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে মুকুল ছাংমা নেতৃত্বাধীন মেঘালয়ৰ কংগ্ৰেছ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাখনো কেন্দ্ৰীয় আঁচনি ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে বাধাৰ সৃষ্টি কৰাৰ বাবে সম্পূৰ্ণ কৰিব পৰা নগ’ল।
‘’কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে লোৱা বহু কেইখন আঁচনি ৰাজ্যখনত থকা কংগ্ৰেছ চৰকাৰখনৰ অসহযোগিতাৰ বাবে ৰূপায়ন কৰিব পৰা নগ’ল। ভাৰতীয় জনতা পাৰ্টিয়ে মেঘালয়ত চৰকাৰ গঠনৰ পিছত বৰ্তমানৰ কংগ্ৰেছ চৰকাৰৰ সকলো কেলেংকাৰী ফাদিল কৰিব,’’- শনিবাৰে শ্বিলঙৰএখন নিৰ্বাচনী সভাত ভাষণ দি কিৰেন ৰিজিজুৱে এইদৰে কয়।
কিৰেন ৰিজিজুৱে লগতে আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে মেঘালয়ত সুৰক্ষা ব্যৱস্থা শক্তিশালী তৰি তুলিবলৈ সকলোধৰণৰ সহযোগিতা আগবঢ়াব।
শনিবাৰে সন্ধিয়া নংমাইনছঙত পাইনথৰুমখ্ৰাহৰ দলীয় প্ৰাৰ্থী এ এল হেকৰ হৈ বিজেপিৰ এক নিৰ্বাচনী সভাত ভাষণ দি কিৰেন ৰিজিজুৱে কয় যে কেন্দ্ৰই ৰাজ্যখনক কেৱল আব্যন্তৰীণ আইন-শৃংখলাৰ বাবেই নহয় অসমৰ সৈতে আন্ত:ৰাজ্যিক সীমান্ত আৰু বাংলাদেশৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমান্ততো সুৰক্ষা ব্যৱস্থা আগবঢ়াব।
ইয়াৰ মাজতে নিৰ্বাচনী সভাত ভাষণ দি পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কে জে এলফ’নছে ৰাজ্যখনৰ খ্ৰীষ্টানসকলৰ বাবে একো নকৰাৰবাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীক সমালোচনা কৰে।
প্ৰায় দুই তিনি হাজাৰ লোক উপস্থিত থকা নিৰ্বাচনী সভাখনত দলৰ অনানুষ্ঠানিক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এ এল হেকৰ হৈ বিজেপিৰ শীৰ্ষ নেতাই নিৰ্বাচনী প্ৰচাৰ চলায়।