• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 8:30 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থিত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক অসমত আদৰণি জনাবলৈ পাই সুখী হোৱা বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে।

আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্যতম প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে অংশগ্ৰহণ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলে তেখেতক আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। অসমৰ সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ উপৰি মণিপুৰৰ সাংসদ এ কে আৰ্থাৰ, নাগালেণ্ডৰ সাংসদ এছ এছ জেমিৰ সংবাদমেলত উপস্থিত থাকে।

Apply Now

 সাংবাদিকৰে হোৱা মুখামুখিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক শক্তিশালী কৰিবৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক সমৰ্থন জনোৱাৰ বাবে তেখেত গৌৰৱান্বিত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদসকলৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাংসদসকলে ইণ্ডিয়া মিত্ৰজোঁটৰ সন্মিলিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে দেশৰ সকলো ৰাজ্য ভ্ৰমণ কৰি সমৰ্থন লাভ কৰাৰ পিছত আজি অন্তিম দিনা উত্তৰ-পূৰ্বাঞ্চলৰ সাংসদকেইজনৰ লগত বাৰ্তালাপ কৰি সমৰ্থনৰ প্ৰস্তাৱ আগবঢ়ায়।

সংবাদমেলৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈয়ে কয় যে অসমৰ ৰাইজৰ আগত কংগ্ৰেছ দল গৰু চোৰ, মাটি চোৰ আৰু ভোট চোৰ ধৰাই দিবৰ কাৰণে সাজু হৈছে। মন্ত্ৰীসভাত বহু গৰু চোৰ, ভোট চোৰ, মাটি চোৰ সোমাই আছে। সেইবোৰক উলিয়াই ৰাইজৰ আগত দেখুওৱাৰ দায়িত্ব আমাৰ আহি পৰিছে। বিজেপিয়ে অহংকাৰী দল হিচাপে নিজৰ পৰিচয় আগবঢ়াইছে। সেইবাবে তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে। অসম চুক্তিৰ আধাৰত তেওঁলোকে ৬ নং দফা ৰূপায়ণ কৰাৰ কথা কয়। আনফালে অসম চুক্তি নস্যাৎ কৰি নতুন আইনৰ যোগেদি অসমৰ ৰাইজৰ ওপৰত বিদেশী জাপি দিয়াৰ ধৃষ্টতা কৰে।

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ লগতে ‘কা’ আন্দোলনত নিহত হোৱা শ্বহীদসকলক এই চৰকাৰে চূড়ান্ত অপমান কৰা বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতিয়েই বিজেপিৰ ষড়যন্ত্ৰই ভাবুকি আনিছে। বিদেশীৰ বোজা অসমৰ ৰাইজে মানি নলয় বুলিও তেওঁ উল্লেখ কৰে। গগৈয়ে লগতে কয়, বিজেপি দল আৰু চৰকাৰে শেহতীয়াকৈ অসমৰ হিন্দু-মুছলমানকে ধৰি বিভিন্ন ধৰ্মীয় সম্প্ৰদায় আৰু জাতি-জনগোষ্ঠীৰ মাজত নতুনকৈ বিদেশী জাপি দিয়াৰ যি ব্যৱস্থা কৰিছে সেয়া অত্যন্ত পৰিতাপৰ বিষয়।

নতুন বিদেশী সংস্থাপনৰ বাবে চৰকাৰে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেয়া এক জাতিদ্ৰোহী সিদ্ধান্ত বুলি উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে লোকসভা চলি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে বিষয়বোৰ সংসদত উত্থাপন কৰি আইনগতভাৱে আলোচনা কৰাৰ ব্যৱস্থা নকৰি গোপনে অসমৰ ৰাইজৰ ওপৰত বিদেশীৰ বোজা জাপি দিয়াৰ কথাটো ৰাজ্যখনৰ কোনো মানুহেই ভাল পোৱা নাই। এয়া এক অগণতান্ত্ৰিক সিদ্ধান্ত বুলিও সাংসদজনে উল্লেখ কৰে। ইয়াৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ কংগ্ৰেছ দলে তৃণমূল পৰ্যায়লৈ কাম কৰি যাব। ২০২৬ চনত বিজেপি আৰু তেওঁলোকৰ সহযোগী দলৰ চৰকাৰ ওফৰাই কংগ্ৰেছ দলৰ চৰকাৰ অনা হ’ব বুলিও সাংসদগৰাকীয়ে কয়। ইফালে, বিটিআৰ নিৰ্বাচনত ভবাতকৈও সাংগঠনিক দিশত কংগ্ৰেছে শক্তিশালী স্থিতি গঢ়ি তুলিব পাৰিছে বুলিও কয় গগৈয়ে। বিটিআৰৰ ফলাফল আশাব্যঞ্জক হ’ব বুলিও গগৈয়ে উল্লেখ কৰে। বিটিআৰৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ লগতে এটা সমষ্টিতে দুই-তিনিজনকৈ প্ৰাৰ্থীয়ে কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব বিচাৰিছিল আৰু দলে আমাৰ বিধায়কসকলক ৪০ টা সমষ্টিৰ ভিতৰত প্ৰত্যেককে দুই-তিনিটাকৈ পৰিষদীয় সমষ্টিৰ দায়িত্ব প্ৰদান কৰিছে। বিটিচিৰ ৰাইজে বিজেপি আৰু ইউপিপিএল দলৰ ঠগ-প্ৰৱঞ্চনাৰ কথা ইতিমধ্যে জানিব পাৰিছে আৰু সেইবাবে কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। বিটিচি নিৰ্বাচন বুলিয়েই নহয়, অহা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ দলে শক্তিশালী যুঁজ দিবলৈ সক্ষম হ’ব আৰু সেইবাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবৰ বাবে ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ আৰম্ভ হোৱা মানেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকাৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd