• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 9:32 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“কা” আইনতকৈও ভয়াৱহ সিদ্ধান্তৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ দেশলৈ অহা বাংলাদেশ, পাকিস্তান, আফগানিস্থান আদি দেশৰ পৰা অহা বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ যি অধিসূচনা জাৰি কৰিছে তাক বাঁ‌ওপন্থী আৰু গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনসমূহে তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াক তৎকালে প্ৰত্যাহাৰৰ দাবী জনাইছে।

যুৱ-ছাত্ৰ সংগঠন ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই), ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই), নিখিল ভাৰত যুৱ ফেডাৰেছন (এআইৱাইএফ),নিখিল ভাৰত ছাত্ৰ ফেডাৰেছন (এআইএছএফ), নিখিল ভাৰত ছাত্ৰ সন্থা (এআইছা), ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কমিটিসমূহে বিজেপি চৰকাৰৰ বিদেশীক নাগৰিকত্ব দিয়া অধিসূচনাক অসম বিৰোধী, সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বুলি অভিহিত কৰি ইয়াক তীব্ৰ বিৰোধিতা কৰিছে আৰু প্ৰত্যাহাৰৰ দাবী জনাইছে।

Apply Now

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ১ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ [Immigration and Foreigners (Exemption) Order, 2025] জাৰি কৰি বিদেশী লোকে ভাৰতত নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা ১০ বছৰ বৃদ্ধি কৰি  ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰিছে। “কা” আইন অনুসৰি এই সময়সীমা ২০১৪ চনৰ ৩১ ডিচেম্বৰ আছিল যদিও পুনৰ ইয়াক বৃদ্ধি কৰা হয়।

দেশত নাগৰিকত্ব লাভৰ সময়সীমা ১৯৫১ চনৰ যদিও অসমৰ ক্ষেত্ৰত এই সীমা ১৯৭১ চন। নাগৰিকত্ব সম্পৰ্কীয় বিষয়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰা সাংবিধানিক বেঞ্চে ইতিমধ্যে নিৰ্দেশ দিছে যে অসমত নাগৰিকত্ব লাভৰ ভিত্তিবৰ্ষ হ’ব ১৯৭১ চন। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশ হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধী। অসম ৰাইজ আৰু দল-সংগঠনে তীব্ৰ আশংকা আৰু উদ্বিগ্নতা প্ৰকাশ কৰি “কা” বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছিল। কিন্তু বিজেপি চৰকাৰে “কা” গৃহীত কৰি অসমবাসীক উপলুঙা কৰাৰ লগতে স্বৈৰাচাৰী আচৰণেৰে নতুন অধিসূচনা আনি ৰাজ্যবাসীক বৃদ্ধাংগুস্ত দেখুৱাইছে।

 বিদেশীমুক্ত অসম আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে সম্পূৰ্ণ লুটিবাগৰ মাৰি অধিক বিদেশী অহাৰ পথহে প্ৰশস্ত কৰিব ওলাইছে। আচৰিত কথা যে ৰাজ্যৰ বিজেপি, এজিপি, ইউপিপিএল নেতৃত্বাধীন চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ এনে ভয়ংকৰ অধিসূচনাৰ বিৰুদ্ধে এটা শব্দ উচ্চাৰণ কৰিবলৈ সাহস কৰা নাই।ৰাজ্যৰ বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনসমূহে এই অসম বিৰোধী, দেশ বিৰোধী, সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী অধিসূচনাৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সকলো দল-সংগঠন আৰু গণতান্ত্ৰিক ৰাইজলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd