NORTHEAST NOW (Assamese)

মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে তৰুণ আগৰৱালাৰ শপত গ্ৰহণ

February 12, 2018 10:39 pm · এন ই নাও নিউজ

মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে তৰুণ আগৰৱালাই আজি শপত গ্ৰহণ কৰে। তেওঁক ৰাজ ভৱনত শপতবাক্য পাঠ কৰায় ৰাজ্যখনৰ ৰাজ্যপাল গংগা প্ৰসাদে।

শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্য সচিব ৱাই চেৰিং, আৰক্ষী অধীক্ষক এ বি সিং, মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ আৰ সেন আৰু ৰাজ্যখনৰ আন কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত আছিল।

উল্লেখযোগ্য যে যোৱা ৬ ফেব্ৰুৱাৰিত জাৰি কৰা এখন জাননীৰ জৰিয়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তৰুণ আগৰৱালাক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰা হৈছিল। তেওঁ মুখ্য ন্যায়াধীশ দিনেশ মহেশ্বৰীৰ স্থলাভিষিক্ত হৈছে।

আনহাতে ন্যায়াধীশ দিনেশ মহেশ্বৰীক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হৈছে।

প্ৰসংগক্ৰমে ক’ব পাৰি যে এলাহাবাদ নিৱাসী ন্যায়াধীশ তৰুণ আগৰৱালা এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক আছিল। তেওঁ ১৯৮১ চনত অধিবক্তা হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছিল।

Related News