মেঘালয় নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে দল বাগৰা ৰাজনীতি

প্ৰতিনিধিত্বমূলক চিত্ৰ

মেঘালয় বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে পুনৰ এবাৰ ৰাজ্যখনৰ নেতাই দলত্যাগ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে। মনকৰিবলগীয়া যে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী(এন ছি পি)ৰ বিধায়ক মাৰথন চাংমা আৰু নিৰ্দলীয় বিধায়ক ব্ৰিগেদি মাৰাকে নিজৰ বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰি মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ দলত যোগদান কৰিছে।

স্মৰ্তব্য যে বৰ্তমান মেঘালয় বিধানসভাৰ সদস্য পদৰ সংখ্যা ৬০ জনৰ পৰা ৪৪ জনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হ’ল। বিগত সময়ছোৱাত কংগ্ৰেছৰ সাতগৰাকী, এন ছি পিৰ দুগৰাকী, ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ এজন আৰু ছয়গৰাকী নিৰ্দলীয় বিধায়কে সদস্যপদ ত্যাগ কৰি অন্য দলত যোগদান কৰিছে।

সদ্য পদত্যাগ প্ৰাপ্ত বিধায়ক দুগৰাকীয়ে কংগ্ৰেছত যোগদান কৰি কয় যে ৰাজ্যখনত আগন্তুক বিধানসভা নিৰ্বাচনত পুনৰ এবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব। আৰু কংগ্ৰেছৰ বাহিৰে ৰাজ্যখনত বিকল্প নাই।

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপি কাৰ্যকৰী সমিতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি শ্বিলং চহৰৰ প্ৰাক্তন সভাপতি কিথ পাৰিয়াটৰ লগত চাৰিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ নেতাই শাসনাধিষ্ঠ কংগ্ৰেছ দলত যোগদান কৰিছিল।

মনকৰিবলগীয়া যে কনৰেড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপল’ছ পাৰ্টী(এন পি পি)য়ে আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত প্ৰাক নিৰ্বাচনী মিত্ৰতা সম্পন্ন নকৰে বুলি স্পষ্ট মত প্ৰকাশ কৰে। লক্ষ্যণীয় যে পাঁচগৰাকী প্ৰাক্তন কংগ্ৰেছ বিধায়কে যোৱা সপ্তাহত এন পি পিত যোগদান কৰিছিল।

আনহাতে মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন কংগ্ৰেছ বিধায়ক আলেকজেণ্ডাৰ হেকো ইতিমধ্যে বিজেপিত যোগদান কৰিছে। আনহাতে খাচী পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্য পি এন চিয়েমেও বিধানসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰি নতুনকৈ গঠন হোৱা পিপল’ছ ডেম’ক্ৰেটিক ফ্ৰণ্ট(পি ডি এফ)ত যোগদান কৰিছে।

এনেদৰে সঘনাই ৰাজনৈতিক পট পৰিৱৰ্তন হৈ থকাটোৱে পৰৱৰ্তী মেঘালয় বিধানসভা নিৰ্বাচনত কেনেদৰে প্ৰভাৱ পেলায় সেয়া সময়ত লক্ষ্যণীয় হ’ব।