মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থী ঘোষণা আপৰ

আপ

অহামাহত হ’বলগা মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ বাবে আপে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ঘোষিত প্ৰাৰ্থীসকল হ’ল মেঘালয়ৰ বৃ্হত্তম সমষ্টি মাউলাইৰ বাবে পিটাৰ আইবৰ্লেং দহক্ৰুদ, মৌকিৰৱাতৰ বাবে ডৰাচ ৰামচিয়েজ, উমচনিঙৰ বাবে ৱাণ্ডাৰ লাপাং আৰু নংপোৰ বাবে ডেব্ৰিত বিন’ন।

শ্বিলঙত আজি আপ মেঘালয়ৰ ৰাজ্যিক সভাপতি ৱনশ্বা নংটোৱে এই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে।

ৰাজ্যখনৰ ৬০ টা সমষ্টিৰ ৩৫ টাত এইবাৰ আপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

ৰাজ্যখনত শাসনাধিষ্ঠিত কংগ্ৰেছ দল প্ৰায় নিশ্চিহ্ন হৈ যোৱা বুলি আৰু বিজেপিয়ে মেঘালয়ত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি দাবী কৰি আপ নেতাসকলে কয় যে আসন্ন নিৰ্বাচনত এটা বিকল্প দল হিচাপে জনসাধাৰণে আপলৈ সঁহাৰি জনাব।