মেঘালয় বিধানসভা নিৰ্বাচন ২০১৮ত শাসনাধিষ্ঠ কংগ্ৰেছ দলে ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে প্ৰতিদ্বণ্ডিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ ৬০ টা সমষ্টিৰ ৪৭ টা সমষ্টিতহে প্ৰাৰ্থীত্ব আগবঢ়াব।
উল্লেখযোগ্য যে মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩ মাৰ্চত ইয়াৰ ভোটগণনা হ’ব।
কংগ্ৰেছ আৰু বিজেপিয়ে সোমবাৰে নিশা নিজৰ নিজৰ চূড়ান্ত প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰিছে।
আনহাতে মেঘালয়ৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী মানস চৌধুৰীয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ হৈ দক্ষিণ শ্বিলঙৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াব। ইয়াৰ উপৰি বেনপিনছঙগেইনলং ৰুমঙে পাইনথ্ৰুমখ্ৰা সমষ্টি আৰু ডায়’লিণ্ডাই খ্লিইৰিয়াট সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বণ্ডিতা কৰিব।
উল্লেখযোগ্য যে মানস চৌধুৰীয়ে টিকট নোপোৱাক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টী দল ত্যাগ কৰে আৰু টিকটৰ বিনিময়ত কংগ্ৰেছ দলত যোগদান কৰে।
ইয়াৰ বিপৰীতে বিজেপিয়ে এন চি পিৰ প্ৰাক্তন বিধায়ক চানব’ৰ চুলাইক প্ৰাৰ্থীত্ব প্ৰদান কৰে।
স্মৰ্তব্য যে বিজেপিয়ে খাচি পাহাৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য মাৰ্ছেল মাওফিনিয়াঙক উমৰৈ বিধানসভা সমষ্টিৰ পৰা আৰু ৰি-ভয় য়ুথ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি বান বুহাই মেকড’ক মাওহাটি সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। .