NORTHEAST NOW (Assamese)

মেট্ৰিকত নিৰাশাজনক প্ৰদৰ্শন কৰা ওদালগুৰি জিলাৰ শিক্ষকসকলৰ লগত প্ৰশাসনৰ পৰ্যালোচনা সভা

June 12, 2018 11:11 am · চাজিদ খান

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাই ৰাজ্যৰ ভিতৰতে অতি শোচনীয় তথা নিৰাশাজনক প্ৰদৰ্শন কৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি সোমবাৰে ওদালগুৰি জিলা প্ৰশাসনে উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শিক্ষকসকলৰ লগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে।

ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত আগন্তুক সময়ত কেনেদৰে জিলাখনৰ ফলাফল উন্নত কৰিব পৰা যাব সেই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা কৰা হয়।

বৈঠকত জিলাৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰ জ্যোতি মন্ত, একাডেমিক কাউন্সিলৰ সচিব গণেশ মুছাহাৰী, প্ৰধান শিক্ষক, অধ্যক্ষৰ লগতে ৮১ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিনিধি উপস্থিত আছিল।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পূব পানেৰী হাইস্কুল আৰু মেছেকা পুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলে বিদ্যালয় দুখনৰ এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা বিষয়টোত দায়সৰা মন্তব্য কৰাত উপায়ুক্ত দাস আৰু অতিৰিক্ত উপায়ুক্ত মন্তই গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ভৱিষ্যতে বিদ্যালয় দুখনৰ পৰা যাতে এশ শতাংশই উত্তীৰ্ণ হয় তাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’বলৈহে উপায়ুক্ত দাসে শিক্ষকসকলক আহ্বান জনায়।

ইয়াৰ উপৰি জিলাখনৰ সকলো বিদ্যালয়তে প্ৰশাসনে চোকা নজৰ ৰাখিব বুলি কোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি উপায়ুক্তগৰাকীয়ে শিক্ষকসকলক আস্বাস প্ৰদান কৰে।

Related News