নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত সদৌ অসম উকীল সন্থাই আজি ৰাজ্যজুৰি প্ৰতীকী অৱস্থান ধৰ্মঘট আৰু সমদল উলিয়াই প্ৰধান মন্ত্ৰী আৰু যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব।
সদৌ অসম উকীল সন্থাৰ অধীনস্থ সকলো জিলা আৰু মহকুমা উকীল সন্থাসমূহে আজি দিনৰ ১-২ বজালৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ আৰু মহকুমা সদৰত বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰিব।
কালি অনুষ্ঠিত এক সংবাদমেলত উকীল সন্থাৰ উপদেষ্টা ৰোহিণী কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তৈলেন্দ্ৰ কুমাৰ দাসে এই কথা ঘোষণা কৰি প্ৰত্যেখন জিলা আৰু মহকুমা উকীল সন্থাৰ সমূহ সদস্যক আজিৰ এই কাৰ্যসূচীত সহযোগ কৰিবলৈ আহ্বান জনায়।
গুৱাহাটীত উকীল সন্থাই কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি উপায়ুক্তৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰিব।
কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা উক্ত বিধেয়কখন ভাৰতীয় সংবিধানৰ পৰিপন্থী বুলি মন্তব্য কৰি সংবাদমেলত সন্থাৰ বিষয়ববীয়াসকলে কয় যে বিধেয়কখনৰ বিৰুদ্ধে সন্থাই আইনী যুঁজ দিয়াৰ বাবেও প্ৰস্তুত থকাৰ লগতে বিধেয়কখনক আইনত পৰিণত কৰিলে সন্থাই ইয়াক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব।
অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদত ৰাজপথ উত্তাল কৰি ৰখাৰ সময়তে অধিবক্তাসকলৰ এই সিদ্ধান্তই অসমৰ জনসাধাৰণৰ দাবীক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি।