কেবাবছৰ ধৰি জৰাজীৰ্ণ হৈ থকা বৰপেটা জিলাৰ দাবালীয়াপাৰা জাৰাবাৰী পথৰ পল্লা নদীৰ ওপৰত থকা কাঠৰ দলঙখন আজি স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কৰে অল ইণ্ডিয়া লেবাৰ পাৰ্টিয়ে ৷
বৰপেটা আৰু সৰুক্ষেত্ৰী সমষ্টিৰ মাজত থকা এই জৰাজীৰ্ণ কাঠৰ দলঙখন মেৰামতি কৰাৰ দাবীত জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ ওচৰত স্থানীয় ৰাইজে আবেদন নিবেদন কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উক্ত পথছোৱাৰে যাতায়ত কৰা ছাত্ৰ-ছাত্ৰী তথা ৰাইজক কিছু পৰিমানে সকাহ দিয়াৰ বাবে অল ইণ্ডিয়া লেবাৰ পাৰ্টিয়ে স্থানীয় ৰাইজৰ সহযোগত দলঙখন মেৰামতি কৰে।
দলটোৰ জিলা সভাপতি মাইজ্জু শিকদাৰে দলং মেৰামতি সন্দৰ্ভত কয় যে, অতি গুৰুত্বপূৰ্ণ পথছোৱাৰ কাঠৰ দলঙখন কেবা বছৰ ধৰি মেৰামতি নকৰাত উন্মুক্ত দলঙখনত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী তথা ৰাইজে মৰণত শৰণ দি অহা যোৱা কৰিবলৈ বাধ্য হৈছে।
দলঙখনৰ প্ৰতি চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিথিসকলৰ অমনোযোগিতাৰ বাবে ৰাইজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি অল ইণ্ডিয়া লেবাৰ পাৰ্টিয়ে দলঙখন মেৰামতি কৰা বুলি উল্লেখ কৰি দলঙখন অতিশীঘ্ৰে ৰাইজৰ উপযোগীকৈ নিৰ্মাণ কৰাৰ বাবে চৰকাৰক নেতাগৰাকীয়ে দাবী জনায়।
দলং মেৰামতিত স্থানীয় ৰাইজৰ লগতে লেবাৰ পাৰ্টিৰ বৰপেটা আৰু সৰুক্ষেত্ৰী সমষ্টিৰ সভাপতি ক্ৰমে মজিদুল ইছলাম আৰু ইমানুল হুছেইনেও অংশ গ্ৰহণ কৰে ৷