NORTHEAST NOW (Assamese)

মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন অনুসূচিত জাতি ছাত্ৰ সন্থা, কোকৰাঝাৰ জিলা কমিটীৰ

July 23, 2018 2:26 pm · ৰিনয় বসুমতাৰী

দেওবাৰে কোকৰাঝাৰত অনুসূচিত জাতিৰ অন্তৰ্গত ৬২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এটা জাকজমকীয়া অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। কোকৰাঝাৰ জিলাৰ পৰা প্ৰৱেশিকা আৰু উচ্চতম মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক এই  সম্বৰ্ধনা অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱাৰ বাবে বাচনি কৰা হৈছিল।

এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আয়োজন কৰিছিল  অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা কমিটী সহযোগত সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাই।

সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক একোখন সম্বর্ধনা পত্ৰ আৰু একোটাকৈ কলম প্ৰদান কৰা হৈছিল।

সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ সৰকাৰ আৰু ছাত্ৰ সংগঠনটোৰ উপদেষ্টা স্বপন দাস এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল।

Related News