NORTHEAST NOW (Assamese)

মেৰামতিৰ অভাৱত মহানগৰত বিকল স্বয়ংক্ৰিয় ট্ৰেফিক সিগন্যাল : যান-জঁট নিয়ন্ত্ৰণত সমস্যা

May 18, 2018 12:13 pm · এন ই নাও নিউজ
যান-জঁট নিয়ন্ত্ৰণত গুৱাহাটীৰ যান-বাহন আৰক্ষী। ফটো : ইন্টাৰনেট

গুৱাহাটী মহানগৰৰ যান-বাহন শাখাৰ আৰক্ষীয়ে বিভিন্ন স্থানত বৰ্ধিত যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ বহুসংখ্যক স্বয়ংক্ৰিয় ট্ৰেফিক লাইট স্থাপন কৰিছিল যদিও অধিকাংশই এতিয়া বিকল হৈ আছে। নুনমাটি, গণেশগুৰি, হাতীগাঁও, বেলতলা, আমবাৰী, মালিগাঁও আদি বহুকেইটা স্থানত ট্ৰেফিক সিগন্যাল বিকল হৈ পৰাৰ বাবে বৰ্তমান পুৱাৰ পৰা নিশালৈকে যান-বাহন আৰক্ষী কৰ্তব্যত ব্যস্ত থাকিব লগা হয়।

চৰকাৰে মহানগৰৰ যান-বাহনসমূহ নিয়ন্ত্ৰণ কৰি নাগৰিকসকলৰ জীৱন-যাত্ৰা মসৃন কৰি তুলিবলৈ বহু টকা ব্যয় কৰি স্বয়ংক্ৰিয় ট্ৰেফিক সিগন্যালসমূহ স্থাপন কৰিছিল। কিন্তু সময়ৰ লগে লগে বিকল হৈ পৰা এই সিগন্যালবোৰ কাৰ্যক্ষম কৰি নোতোলাৰ বাবে এইবোৰ এতিয়া অৰ্থহীন হৈ পৰিছে। সম্প্ৰতি এখন বিকশিত মহানগৰৰ আধুনিক জীৱন যাত্ৰাৰ বাবে অতি উদ্বেগজনক বিষয় হৈ পৰিছে যান-জঁটৰ বিষয়টো।

মহানগৰৰ ব্যস্ত পথত যান-বাহনৰ চলাচল সুচল কৰিবলৈ যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰাৰ লগতে এনে ট্ৰেফিক লাইট সক্ৰিয় হৈ থকাৰ প্ৰয়োজন। মহানগৰৰ বেছি যান-জঁট থকা ট্ৰেফিক পইণ্ট হিচাপে চিহ্নিত বেলতলা তিনিআলি, মালিগাঁও চাৰিআলি, হাতীগাঁও চাৰিআলি, গণেশগুৰি, জু ৰ’ড তিনিআলি, গুৱাহাটী ক্লাব, পল্টনবজাৰত বহু সময়ত আৰক্ষীয়েও যান-জঁট নিয়ন্ত্ৰণ কৰিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়।

দিনকদিনে মহানগৰত চলাচল কৰা যান-বাহনৰ সংখ্যা বাঢ়ি অহাত এতিয়া মূল পথৰ লগত সংযুক্ত প্ৰতিটো উপপথতে ট্ৰেফিক সিগন্যালৰ প্ৰয়োজন হৈ পৰিছে। কিন্তু ইয়াৰ পাছতো যান-বাহন আৰক্ষীৰ ট্ৰেফিক পইণ্টৰ ব্যৱস্থা উন্নত হোৱা নাই। মহানগৰত ট্ৰেফিক পইণ্ট আৰু ট্ৰেফিক সিগন্যালৰ ব্যৱস্থা উন্নত নোহোৱাটো সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনাৰো অন্যতম এটা কাৰণ বুলি অভিযোগ উঠিছে।

Related News