মোদীক উভতি ধৰিলে মুকুল চাংমাই : মোদীয়ে য়ু পি এ দিনৰ প্ৰকল্পবোৰ উদ্বোধন কৰি ফুৰিছে

নিৰ্বাচন অভিমুখী মেঘালয়লৈ আহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ভাগ লৈ ৰাজ্য চৰকাৰখনক ৰাজ্যৰ উন্নয়নত ব্যৰ্থতা, উন্নয়নৰ ধন হস্তগত কৰা তথা কয়লা মাফিয়াৰ সৈতে সহযোগ কৰাৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ কৰাৰ এদিন পিছতেই মুখ্য মন্ত্ৰী মুকুল চাংমাই প্ৰত্যুত্তৰ দিছে প্ৰায় একেই কঠোৰ ভাষাৰে। তেওঁ মোদীক পূৰ্বৰ য়ু পি এ চৰকাৰে লোৱা প্ৰকল্পবোৰ উদ্বোধন কৰি ফুৰা বুলি অভিযোগ কৰে। চাংমাই এটা বিজ্ঞপ্তিত কয়, ‘কংগ্ৰেছ নেতৃত্বাধীন য়ু পি এ’ চৰকাৰে লোৱা প্ৰকল্পবোৰ উদ্বোধন কৰি ফুৰা প্ৰধান মন্ত্ৰীজনে ৰাজ্যকনত উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰাটো হাস্যকৰ।’

চাংমাই মোদীক চৰকাৰী আঁচনিৰ স্থানক দলীয় ৰাজনীতিৰ প্ৰচাৰ সভাৰ বাবে ব্যৱহাৰ কৰাটোকো কঠোৰ ভাষাৰে সমালোচনা কৰে, যিটোক তেওঁ গ্ৰহণযোগ্য নহয় বুলি আৰু ই কোনো ধৰণৰ নীতিৰ ভিতৰত নপৰে বুলি কয়।

চাংমাই কয় যে প্ৰধান মন্ত্ৰীয়ে মেঘালয়ত উন্নয়ন নাই হোৱা বুলি কোৱাৰ পূৰ্বে ইয়াৰ বিষয়ে অলপ তথ্য গোটাই ল’ব লাগিছিল। আনকি তেওঁ যিটো পথৰ (শ্বিলং-তুৰা) উদ্বোধন কৰিলে সেইটোও য়ু পি এৰ দিনত অনুমোদিত তথা নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা। আনহাতে তেওঁ পূৰ্বৰ য়ু পি এ চৰকাৰৰ প্ৰশংসা কৰি কয় যে দিল্লীৰ কংগ্ৰেছ নেতৃত্বাধীন য়ু পি এ চৰকাৰে মেঘালয়ৰ মানুহৰ প্ৰয়োজনখিনি বেছি ভালকৈ উপলব্ধি কৰিছিল আৰু মেঘালয়লৈ যথেষ্ট অনুদান দিছিল। ফলত পথ যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি হৈছিল। শ্বিলং বাইপাছ, চাৰিলেন যুক্ত শ্বিলং-গুৱাহাটী পথ আৰু শ্বিলং-তুৰা পথ য়ু পি এৰ দিনত হোৱা। আনহাতে মোদীয়ে স্বাস্থ্যখণ্ডৰ অৱস্থা পুতৌজনক বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয়, ‘কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে মেঘালয়ৰ স্বাস্থ্যখণ্ড অধ্যয়ন কৰাৰ পিছত আনবোৰ প্ৰদেশকো এইবোৰ অনুকৰণ কৰিবলৈ আহ্বান জনাইছিল। মেঘালয় হ’ল স্বাস্থ্য বীমাৰ ক্ষেত্ৰত অগ্ৰণী ৰাজ্য। মই নিজে এজন চিকিৎসক হিচাপে জানো যে এইটো সাধাৰণ লোকৰ বাবে অতি কল্যাণকৰ। গতিকে এখন নিৰ্বাচিত চৰকাৰক অৱমূল্যায়ন কৰাৰ পূৰ্বে তথ্য পৰীক্ষা কৰি চোৱা উচিত।’

চাংমাই লগতে অভিযোগ কৰে যে এন ডি এ চৰকাৰৰ দিনত উত্তৰ-পূবৰ ৰাজ্যকেইখনে আগৰ দৰে ব্লক গ্ৰাণ্ট নোহোৱা হ’ল। য়ু পি এ চৰকাৰৰ দিনত পৰিকল্পনা আয়োগৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যকেইকনে ব্লক গ্ৰাণ্ট পাইছিল। এই পুঁজি স্বাস্থ্য আঁচনিকে ধৰি অন্যান্য কিছুমান অভিযোজনামূলক আঁচনিৰ কামত খটোৱাৰ সুবিধা হৈছিল।