NORTHEAST NOW (Assamese)

মোবাইল লাগে যাৱজ্জীৱন কাৰাবাস খাটি থকা নিৰঞ্জন হোজাইক : গোপনে যোগান ধৰিবলৈ যাওঁতেই এজনক গ্ৰেপ্তাৰ

July 20, 2018 8:40 pm · এন ই নাও নিউজ
নিৰঞ্জন হোজাই (মাজৰজন)। ফাইল ফটো।

উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিত অভিযুক্ত আৰু বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হৈ থকা ডি এইচ্ছ ডি (জে)ৰ সেনাধ্যক্ষ নিৰঞ্জন হোজাইক আজি গোপনে ম’বাইল ফ’ন যোগান ধৰাৰ চেষ্টা কৰোঁতে গ্ৰেপ্তাৰ হ’ব লগীয়া হয় এজন যুৱক। জানিব পৰামতে, জয়জিত নাইদিং নামৰ এই যুৱকজনে কাৰাৰুদ্ধ হোজাইক যোগান ধৰিবলৈ চাৰিটাকৈ ম’বাইল আনিছিল।

কিন্তু আৰক্ষীৰ হাতত ধৰা পৰে যুৱকজন। বৰ্তামান বশিষ্ঠ আৰক্ষীৰ জিম্মাত থকা যুৱকজনে নিৰঞ্জন হোজাই তেওঁৰ মোমায়েক বুলি দাবী কৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেওঁৰ হাতত মুঠ ৬টা মোবাইল আছিল। ইয়াৰে দুটা নিজৰ বুলি দাবী কৰিছে যুৱকজনে। তেওঁৰ পৰা আৰক্ষীয়ে মোবাইল ফোনৰ বাহিৰেও এখন ইন’ভা গাড়ীও জব্দ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে ৮৭৭/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰা বুলি জনায় সূত্ৰটোৱে।

উল্লেখযোগ্য যে উত্তৰ-কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ ১০০০ কোটিটকীয়া কেলেংকাৰিত জড়িত নিৰঞ্জন হোজাই যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটাইছে।

তেওঁ এসময়ৰ ডি এইচ্ছ ডি (জে)ৰ সেনাধ্যক্ষ থকাৰ লগতে কাৰাগাৰ যোৱাৰ আগ মুহূৰ্তলৈকে বিজেপিৰ দলৰ পৰা নিৰ্বাচিত ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী সদস্য আছিল।

নিয়াৰ বিশেষ আদালতে আন কেইবাজনকে ধৰি তেওঁকো ১০০০ কোটি টকীয়া কেলেংকাৰিটোৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড দিছিল আৰু তেতিয়াৰ পৰাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে।

Related News