ম্যানমাৰক সীমান্তৰ পৰা শীঘ্ৰে সেনা প্ৰত্যাহাৰৰ আহ্বান বাংলাদেশৰ

rohingyas-unhcr_0-678x381.jpg

ৰহিংগীয়া শৰণাৰ্থীক লৈ ম্যানমাৰ আৰু বাংলাদেশৰ মাজত উত্তেজনাই বিৰাজ কৰি থকাৰ মাজতে ম্যানমাৰক সীমান্তৰ পৰা শীঘ্ৰে সেনা প্ৰত্যাহাৰৰ আহ্বান জনাইছে বাংলাদেশে।

‘মিজিমা নিউজ’ৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা বাতৰি অনুসৰি শেহতীয়াভাৱে ম্যানমাৰে সীমান্তত সেনা মোতায়েন কৰাক লৈ তীব্ৰ আপত্তি দৰ্শাইছে বাংলাদেশ চৰকাৰে।

সেয়েহে এই সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ঢাকাস্থিত ম্যানমাৰৰ ৰাষ্ট্ৰদূত গৰাকীক তলব কৰি সীমান্তৰ বৰ্তমানৰ পৰিস্থিতিয়ে দুয়োখন দেশৰ মাজত সম্পৰ্ক যথেষ্ট অৱনমিত কৰিব বুলি প্ৰকাশ কৰিছে।

বাংলাদেশৰ কাৰ্যবাহী বৈদেশিক সচিব গৰাকীয়ে সেয়েহে অনতিপলমে ৰাষ্ট্ৰখনক সীমান্তৰ পৰা সেনা-অস্ত্ৰ প্ৰত্যাহাৰৰ আহ্বান জনাইছে।

উল্লেখ্য যে ঢাকাই প্ৰকাশ কৰা অনুসৰি ম্যানমাৰে বিগত কেইটিমান দিনৰ পৰা  সীমান্তৰ ন’ মেনছ লেণ্ডত বৃহৎ সেনা মোতায়েনৰ উপৰি অন্যান্য অস্ত্ৰ-শস্ত্ৰও মজুত কৰিছে। তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে সীমান্তৰ যিটো অঞ্চলত ম্যানমাৰে সেনা মোতায়েন কৰিছে তাত ৰাষ্ট্ৰখনৰ পৰা প্ৰাণৰ মমতাত পলায়ন কৰা প্ৰায় ৬০০০ ৰহিংগীয়াই আশ্ৰয় গ্ৰহণ কৰি আছে।

সেয়েহে এনে বিবদমান স্থানত ম্যানমাৰে সেনা মোতায়েন কৰা বিষয়টোৱে চিন্তিত কৰি তুলিছে বাংলাদেশক।

উল্লেখ নিষ্প্ৰোয়ন যে বিগত বৰ্ষত বাৰ্মীজ সেনাই কৰা নিৰ্মম অত্যাচাৰৰ ফলত বহু হেজাৰ ৰহিংগীয়াই দেশ ত্যাগ কৰি চুবুৰীয়া  বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰিছিল। ইয়াৰ মাজতে ম্যানমাৰে সীমান্তৰ ন’ মেনছ লেণ্ডত কৰা সেনা মোতায়েনে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট অৱনমিত কৰিব বুলি আশংকা প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক সকলে।

অৱশ্যে ঢাকাৰ আহ্বানলৈ ম্যানমাৰে কেনে সঁহাৰি দিয়ে সেয়া লক্ষণীয় হ’ব।