ম্যানমাৰ আৰু নাগালেণ্ডৰ পৰা ড্ৰাগছ আনি বিক্ৰী কৰিছিল ৰাজুৱে; নিৰাপদ সৰবৰাহৰ বাবে মহিলাক নিয়োগ কৰিছিল

drugs_14_9_13

ম্যানমাৰ আৰু নাগালেণ্ডৰ পৰা ড্ৰাগছ আনি অসমত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা ৰাজু ৰায়ে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে মহিলাক ব্যৱহাৰ কৰিছিল ড্ৰগাছ সৰবৰাহৰ কামত। এই ড্ৰাগছবোৰৰ বেছিভাগেই অনা হৈছিল ম্যানমাৰ আৰু নাগালেণ্ডৰ পৰা।

উল্লেখযোগ্য যে যোৱা ২৬ তাৰিখে ডিগবৈ আৰক্ষী চকীৰ অধীনৰ ডিগবৈ-পাঙেৰী পথৰ মাজৰ খেৰজান গাৱঁৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰাজুক তিনিচুকীয়াৰ আবকাৰী বিভাগৰ এটা বিশেষ দলে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ৰাজু ৰায় ভীম বাহাদুৰ চেত্ৰীৰ পুত্ৰ।

আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি ৰাজুৱে অসম-অৰুণাচলৰ সীমান্ত অঞ্চলত এখন বৃহৎ বজাৰ দখল কৰি আছিল।

গ্ৰেপ্তাৰ কৰাৰ সময়ত ৰাজুৰ পৰা ৭১ গ্ৰামৰ অৰ্ধ-তৰল এবিধ নিচাজাতীয় দ্ৰব্যৰ লগতে এবিধ জোখা সঁজুলি জব্দ কৰা হয়।

আনহাতে ৰাজুক গ্ৰেপ্তাৰ কৰাৰ সময়ত ঘৰৰ পৰা নগদ টকাও জব্দ কৰা হয় বুলি গুজৱ ওলোৱা দেখা গৈছে। কিন্ত তিনিচুকীয়াৰ আবকাৰী বিভাগৰ পৰিদৰ্শক পি মহন্তই জনোৱা মতে এই টকাখিনি গাওঁবুঢ়াৰ হাতত জমা দিয়া হৈছে। তেওঁ জনায় যে টকাখিনি জব্দ কৰিব পৰা নাযায়, যিহেতু এইখিনি ঘৰটোৰ আন এটা কোঠাতহে পোৱা গৈছিল।

উল্লেখযোগ্য যে আবকাৰী বিভাগৰ অভিযানৰ সময়ত দলটোৰ লগত গাওঁখনৰ গাওঁবুঢ়াও আছিল।

আনহাতে তিনিচুকীয়া জিলাৰ আৰক্ষী বিষয়াই কয় যে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজনে ড্ৰাগছৰ এটা বিশাল ব্যৱসায় চলাই আছিল। ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে ঘাইকৈ মহিলাক ব্যৱহাৰ কৰিছিল।

আৰক্ষীয়ে ৰাজু ৰায়ৰ বিৰুদ্ধে এটা গোচৰ (03(T)/2018) ৰুজু কৰা বুলি জানিব পৰা গৈছে।