NORTHEAST NOW (Assamese)

ময়েই এন আৰ চিৰ জন্মদাতা : তৰুণ গগৈ

July 31, 2018 8:43 pm · অনিৰ্বাণ পাঠক
Updated: July 31, 2018 8:49 pm
সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

“এন আৰ চিৰ জন্মদাতা কোন? ময়েইতো এন আৰ চিৰ জন্মদাতা।” ৩০ জুলাইত বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ এদিন পিছতে আজি এইদৰে ইয়াৰ পিতৃত্ব আৰু কৃতিত্ব দাবী কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

আজি, ৩১ জুলাইত দিচপুৰৰ চৰকাৰী আৱাসত সংবাদমেল অনুষ্ঠিত কৰি গগৈয়ে কয়, “আছু আৰু অগপই কয় যে তেওঁলোকে ১৯৮০ চনত ইন্দিৰা গান্ধীক এন আৰ চিৰ প্ৰস্তাৱ দিয়া বুলি, কিন্তু তাৰ পাছততো তেওঁলোক শুইহে থাকিল। এন আৰ চি ১৯৮৫ চনৰ চুক্তিত নহ’ল, প্ৰফুল্ল মহন্ত আছুৰ নেতা হৈ থকাৰ সময়ত বা মুখ্য মন্ত্ৰী থকা সময়ত নহ’ল, বাজপেয়ী চৰকাৰৰ দিনতো নহ’ল। এন আৰ চিৰ জন্মদাতা হ’ল কংগ্ৰেছ।”

আনহাতে, এন আৰ চিৰ কৃতিত্ব দাবী কৰাই নহয় উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এন আৰ চিৰ কাম পৰিচালিত হোৱা কথাটোও প্ৰকাৰান্তৰে অস্বীকাৰ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে।

তেওঁ কয়, “আমি কাম আৰম্ভ কৰাৰ পাছত ২০১৩ চনতহে উচ্চতম ন্যায়ালয়ত বিষয়টো আহিছে। উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰাৰ কথা কৈ থাকে। কিন্তু উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰা নাই। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে সময়মতে উলিয়াবলৈ আৰু ঠিকমতে কৰিবলৈহে।”

গগৈয়ে লগতে ‘যি কংগ্ৰেছে অসম চুক্তি কৰিছে, সেই কংগ্ৰেছৰ নাম বা তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম আজি কোনেও ল’ব নিবিচাৰে’ বুলিও মন্তব্য কৰে।

তেওঁ লগতে কয় যে আছু বা অগপই কংগ্ৰেছ বা মনমোহন সিঙৰ নাম ল’ব নিবিচাৰিলেও ৰেকৰ্ডবোৰ আছে। এন আৰ চি সন্দৰ্ভত কেতিয়া আলোচনা হৈছিল, মনমোহন সিং কেনেদৰে সন্মত হৈছিল, কেনেকৈ ২০১০ চনত পাইলট প্ৰজেক্ট আৰম্ভ হৈছিল সকলো ৰেকৰ্ডত থকাৰ দাবী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

“মই জন্মদাতা হ’লেও ড০ মনমোহন সিঙে যদি আমাক সমৰ্থন নজনালে হেঁতেন আজি এন আৰ চিৰ কাম কেনেকৈ আৰম্ভ হ’ল হেঁতেন? মই জন্মদাতা কিন্তু Gynaecology ডাক্তৰ তেখেতহে। তেখেতেহে delivery কৰি দিছে। যিদৰে শিশু জন্ম পালে বাপেকে আনন্দ পায় তেনেকৈ ময়ো পাইছো।” গগৈয়ে কয়।

এন আৰ চিৰ বাবে কংগ্ৰেছৰ দিনত বিষয়া নিয়োগ কৰাৰ কথাও গগৈয়ে প্ৰকাশ কৰে। তেওঁ কয়, “আজি হাজেলাৰ নাম সকলোৱে কয়, কিন্তু প্ৰথমজন বিষয়া দীপক শৰ্মাৰ নাম কোনেও নলয়। তেওঁ অসমীয়া এ চি এছ অফিচাৰ আৰু তেৱেঁ কামটো আৰম্ভ কৰিছিল, কিন্তু অসমীয়া হোৱা বাবেই তেওঁৰ নাম নলয় কোনেও।”

ইয়াৰ উপৰি হিতেশ দেৱশৰ্মাকে ধৰি আৰু কেইবাজনো বিষয়াক এন আৰ চিৰ দায়িত্বত নিয়োগ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। আনকি প্ৰতীক হাজেলাকো কংগ্ৰেছেই ২০১৩ চনত নিয়োগ কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে।

এন আৰ চিৰ পাইলট প্ৰজেক্টত এ আই য়ু ডি এফ আৰু আমছুৱে বাধা প্ৰদান কৰা আৰু যাৰ ফলত বৰপেটাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথাও সংবাদমেলত গগৈয়ে সোঁৱৰাই দিয়ে। লগতে এই বাধাতো কংগ্ৰেছ চৰকাৰে এন আৰ চিৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া নাছিল বুলি গগৈয়ে কয়।

আনহাতে বিজেপিয়ে এন আৰ চি হোৱাটো বিচৰা নাছিল বুলি সংবাদমেলত গগৈয়ে মন্তব্য কৰে। তেওঁ কয়, “বিজেপিয়ে এটৰ্নি জেনেৰেলক লৈ উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ খচৰা প্ৰকাশৰ তাৰিখ পিছুৱাবৰ চেষ্টা কৰিছিল। তেওঁলোকে এন আৰ চি কেনেকৈ বিচাৰিব? বিজেপিয়ে নাগৰিকত্ব (সংশোধনী) বিধেয়ক আনিছে আৰু এই বিধেয়ক আৰু এন আৰ চি দুয়োটা পৰস্পৰ বিৰোধী। দুয়োখন তেল আৰু পানীৰ নিচিনা। এন আৰ চি হৈছে ১৯৭১ৰ ২৪ মাৰ্চক ভিত্তি কৰি আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ দ্বাৰা ২০১৪ চনক ভিত্তি বছৰ বিচৰা হৈছে।”

গগৈয়ে লগতে কয় যে বিজেপিয়ে বা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনো কাৰণত এন আৰ চিৰ কৃতিত্ব ল’ব নোৱাৰে।

ইপিনে ‘এন আৰ চি’ক নিজে জন্ম দিয়া শিশু আখ্যা দিয়া তৰুণ গগৈয়ে চূড়ান্ত খচৰাক লৈ ১০০ শতাংশ সুখী হ’ব পৰা নাই। কাৰণ শিশুটি যিদৰে স্বাস্থ্যৱান নহ’লে বাপেক সুখী হ’ব নোৱাৰে তেওঁৰ মতে ঠিক তেনেকৈ ‘এন আৰ চিখনতো বিসংগতি আছে’ বাবে তেওঁ সুখী হ’ব পৰা নাই।

“এন আৰ চিখনত বহুত ভুল আছে, যাৰ বাবে ৪০ লাখ মানুহৰ নাম বাদ পৰিছে আৰু তেওঁলোক ভাৰতীয় নে বিদেশী সেয়াও স্পষ্ট হোৱা নাই। তেওঁলোকৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।” গগৈয়ে কয়।

তেওঁ লগতে ৪০ লাখ মানুহৰ নাম বাদ পৰা কথাটো সহজভাৱে ল’ব পৰা নাই বুলি কৈ কংগ্ৰেছেই এন আৰ চিৰ কাম আগ বঢ়াই নিব পৰা হ’লে এনে বিসংগতি নহ’ল হেঁতেন বুলিও দাবী কৰে।

ইয়াৰ উপৰি ২০১৩ চনত কংগ্ৰেছে পূৰ্ণাংগ ৰূপত এন আৰ চিৰ কাম আৰম্ভ কৰাৰ পাছতেই কেন্দ্ৰত বিজেপি চৰকাৰ আহিল আৰু তাৰ ফলত অসমৰ কংগ্ৰেছ চৰকাৰে কাম আগ বঢ়োৱাত সহায় নোপোৱা হৈছিল বুলিও তেওঁ মন্তব্য কৰে।

একেখন সংবাদমেলতেই গগৈয়ে নিজকে ‘বিদেশীৰ ভোটত মুখ্য মন্ত্ৰী হোৱা নাই আৰু হ’ব নিবিচাৰে’ বুলি দাবী কৰি এজনো বিদেশীৰ নাম নথকা শুদ্ধ এন আৰ চি প্ৰকাশৰ দাবী কৰে।

Related News