মৰণত শৰণ দি বিদ্যালয়লৈ বিদ্যাৰ্থী : মাজুলীত আজিও উত্তৰণ নঘটিল বিচ্ছিন্ন যাতায়াত ব্যৱস্থাৰ

মাজুলী

পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদীলৈ অহা চৰকাৰখনৰ কৰ্ম কাণ্ডত ক্ৰমাৎ মোহভংগ ঘটিছে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ মাজুলীৰ ৰাইজৰ। স্বাস্থ্য, চিকিৎসা, যাতায়াত যোগাযোগৰ অপৰিৱৰ্তিত তথা বিধ্বস্ত অৱস্থাই জীৱন কোঙা কৰি তুলিছে মাজুলীবাসীৰ।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু বৃদ্ধি পোৱাৰ লগে লগে মাজুলীৰ ভিতৰুৱা অঞ্চল সমুহৰ লগত যাতায়াত-যোগাযোগৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। মাজুলীৰ ভকত চাপৰি অঞ্চলৰ সোতৰখনকৈ গাঁৱৰ লোক মাজুলীৰ মূল ভূ খণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।

ব্ৰহ্মপুত্ৰৰ সুঁতিয়ে বিচ্ছিন্ন কৰা অঞ্চলবাসী এতিয়া অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনে ঘাটটো পাৰাপাৰৰ বাবে কোনো ব্যৱস্থা নকৰাত অতি বিপদ সংকুলতাৰ মাজেৰে অঞ্চলবাসী পাৰাপাৰ হৈ আহিব লগা হৈছে। বিশেষকৈ অঞ্চলটো শ শ ছাত্ৰ ছাত্ৰীয়ে মৰণত শৰণ দি তুলুঙা নাৱত পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হৈছে।

জীৱন মৰণৰ এই খেলখনৰ মাজতেই নাও ডুবি বহু কেইটা ঘটনা সংঘটিত হৈছে  আৰু পৰিৱৰ্তনকামী চৰকাৰ তথা বিভাগসমুহৰ নিৰ্লিপ্ততাই চৰম অস্বস্তিত পেলাইছে অঞ্চলবাসীক। আজিও বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ নাও খন ঘাটটোত ডুবি কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ ছাত্ৰী তথা যাত্ৰী সকলৰ।

হাজাৰ বিজাৰ আপত্তি তথা আবেদন কৰিও অঞ্চলবাসীয়ে বহুবল্কী চৰকাৰ খনৰ পৰা কোনো সুফল নোপোৱাত ক্ষুব্ধ হৈ পৰিছে।