NORTHEAST NOW (Assamese)

আমছুৰ অভিযোগ : মৰিগাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ মন্ত্ৰীয়ে আত্মসাৎ কৰিছে চৰকাৰী ধন

June 27, 2018 11:31 am · জহিৰুল ইছলাম
Updated: June 27, 2018 11:34 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তুলসীবড়িত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তুলসীবড়িত অব্যাহত থকা প্রবল গৰাখহনীয়া ৰোধ কৰাত প্ৰশাসন ব্যৰ্থ হোৱাত সম্পূৰ্ণৰূপে জাহ গ’ল বিদ্যালয়, মছজিদ আৰু মাদ্ৰাছা।

যোৱা কিছুদিন ধৰি তুলসীবড়ি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই এফালৰ পৰা নিশ্চিহ্ন কৰিছে মানুহৰ ঘৰ-দুৱাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান। ইতিমধ্যে গৰাখহনীয়াত গৃহহীন হৈছে তুলসীবড়ি অঞ্চলৰ কেইবাশ পৰিয়াল। বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হোৱা তুলসীবড়িত গৃহহীন পৰিয়ালসমুহে এতিয়া খাদ্য আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ জলসম্পদ বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগে খহনীয়া ৰোধ কৰাৰ বাবে তৎকালীনভাৱে জিঅ’ বেগ লান্সিঙৰ ব্যৱস্থা কৰিছে যদিও প্ৰশাসনৰ কাম-কাজক লৈ নৈপৰীয়া ৰাইজ মুঠেও  সন্তুষ্ট নহয়।

ইপিনে মঙলবাৰে বিয়লি খহনীয়া অঞ্চল পৰিদৰ্শন কৰে আমছুৰ নেতৃবৃন্দই। পৰিস্থিতিৰ বুজ লৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে অনতিপলমে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী জনোৱাৰ উপৰি খহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত হোৱা পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰে।

স্মৰ্তব্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা বিভাগীয় বিষয়াই গৰাখহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী ধন নিজৰ জেপত ভৰোৱা বুলিও গুৰুতৰ  অভিযোগ তোলে আমছুৰ নেতাগৰাকীয়ে।

Related News