NORTHEAST NOW (Assamese)

মৰিগাঁৱত ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনি: গঢ়ি উঠিছে এক বৃহৎ ক’লা বজাৰ

April 3, 2018 9:11 am · এন ই নাও নিউজ

মৰিগাঁৱত চৰকাৰী কাম-কাজত ব্যৱহৃত অতিকৈ প্ৰয়োজনীয় ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনিৰ ফলক মৰিগাঁওবাসীয়ে হাৰাশাস্তি ভোগ কৰিব লগীয়া হৈছে।

প্ৰাপ্ত তথ্য মতে ষ্টাম্প পেপাৰৰ এনে কৃত্ৰিম নাটনিৰ সুযোগ গ্ৰহণ কৰি একাংশই মৰিগাঁৱত গঢ়ি তুলিছে এখন বৃহৎ ক’লা বজাৰ। য’ত চৰকাৰী ধাৰ্য মূল্যতকৈ তিনিগুণ বেছি দৰত ষ্টাম্প পেপাৰ সমূহ ক্ৰয় কৰিব লগীয়া হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মাটি-বাৰী. কৰ্ট-কাছাৰীৰ গোচৰকে ধৰি বিভিন্ন চৰকাৰী কাম-কাজৰ বাবে জনসাধাৰণক নন জুডিচিয়েল ষ্টাম্প পেপাৰৰ প্ৰয়োজন হয়। এই ষ্টাম্প পেপাৰ সমূহ ভেণ্ডৰ সকলে জিলা কোষাগাৰ সমূহৰ পৰা সংগ্ৰহ কৰি জনসাধাৰণক যোগান ধৰে।

কিন্তু লক্ষণীয়ভাৱে কোষাগাৰ সমূহে এই ষ্টাম্প পেপাৰ পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব নোৱাৰাত ষ্টাম্প পেপাৰৰ ব্যাপক নাটনিয়ে দেখা দিছে।

জানিব পৰা মতে ৰাজ্যখনৰ একমাত্ৰ কামৰূপ কোষাগাৰে সংশ্লিষ্ট ভেণ্ডৰ সকলক যোগান ধৰা সীমিত পৰিমাণৰ ষ্টাম্প পেপাৰে সমগ্ৰ চৰকাৰী কাম-কাজ চিল আছে।

আনহাতে এই ষ্টাম্প পেপাৰৰ নাটনিৰ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে এক বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছে যদিও এই ক্ষেত্ৰত জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাত স্থানীয় লোক সকল ক্ষোভিত হৈ পৰিছে।

স্থানীয় ৰাইজে অতি শীঘ্ৰে এই ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে।

Related News